Bimal Borah participated Amrit Kalash Yatra: ঘৰে ঘৰে মাটি সংগ্ৰহ কৰিলে মন্ত্ৰী বিমল বড়াই - টিংখাং খণ্ড উন্নয়ন বিষয়া
🎬 Watch Now: Feature Video
Published : Sep 28, 2023, 6:05 PM IST
ডিব্ৰুগড়, ২৮ ছেপ্টেম্বৰ: হাতত কলচী লৈ টিংখাঙত পদব্ৰজে মন্ত্ৰী বিমল বড়া । বৃহস্পতিবাৰে গৃহ সমষ্টি টিংখাঙত মন্ত্ৰীগৰাকীয়ে "মোৰ মাটি মোৰ দেশ" অভিযানৰ অন্তৰ্গত "অমৃত কলহ যাত্ৰা" কাৰ্যসূচীত অংশগ্ৰহণ কৰে । টিংখাঙৰ বিভিন্ন প্ৰান্তৰত দলীয় কৰ্মকৰ্তাসকলক লগত লৈ পদব্ৰজে শোভাযাত্ৰা কৰি ঘৰে ঘৰে মাটি সংগ্ৰহ কৰে মন্ত্ৰী বড়াই ।
এই কাৰ্যসূচীত টিংখাং খণ্ড উন্নয়ন বিষয়া, ৰাজহ চক্ৰ বিষয়াৰ লগতে বহু সংখ্যক দলীয় সমৰ্থক, স্থানীয় লোকে অংশগ্ৰহণ কৰে । ঢোলে দগৰে সকলোৱে শোভাযাত্ৰাত অংশ লৈ অমৃত কলহত মাটি সংগ্ৰহ কৰে । গায়ন-বায়নৰ লগতে বিভিন্ন জাতি-জনগোষ্ঠীৰ পৰম্পৰাগত সাজপাৰ পৰিধান কৰি সাংস্কৃতিক দলসমূহে ব্যাপক উৎসাহেৰে শোভাযাত্ৰাত অংশগ্ৰহণ কৰে ।
উল্লেখ্য যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা 'মোৰ মাটি মোৰ দেশ' কাৰ্যসূচীৰ অংশস্বৰূপে অসমত 'অমৃত কলহ যাত্ৰা' কাৰ্যসূচী ৰূপায়ণ কৰিছে ৰাজ্য চৰকাৰে । ইয়াৰ পাছতে দেশৰ প্ৰধানমন্ত্ৰীৰ সপোন বাস্তৱ কৰিবলৈ তৎপৰ হৈছে ডিব্ৰুগড় জিলা প্ৰশাসন । ডিব্ৰুগড় জিলাৰ প্ৰতিটো সমষ্টিত এই কাৰ্যসূচী ৰূপায়ণ কৰাৰ সমান্তৰালভাৱে টিংখাঙত আজি মন্ত্ৰীগৰাকীৰ উপস্থিতিত এই কাৰ্যসূচী ৰূপায়ণ কৰা হয় ।
লগতে পঢ়ক: Amrit Kalash Yatra : নেলীত অমৃত কলহ যাত্ৰাত অংশগ্ৰহণ মন্ত্ৰী পীযুষ হাজৰীকাৰ