World environment day: কবিতা আবৃত্তিৰে বিশ্ব পৰিবেশ দিৱসৰ তাৎপৰ্য বৰ্ণনা মন্ত্ৰী বিমল বড়াৰ - world environment day at Tingkhong

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jun 5, 2023, 7:40 PM IST

ডিব্ৰুগড়, 5 জুন: আজি 5 জুন, বিশ্ব পৰিৱেশ দিৱস ৷ সমগ্ৰ বিশ্বৰ লগতে অসমৰো বিভিন্ন প্ৰান্তত আজি উদযাপন কৰা হৈছে বিশ্ব পৰিৱেশ দিৱস ৷ বিশ্ব পৰিৱেশ দিৱস উপলক্ষে ৰাজ্য চৰকাৰে আজিৰ দিনটোত গ্ৰহণ কৰে বিশেষ কাৰ্যসূচী (Bimal Borah participate world environment day) ৷  

টিংখাঙৰ ৰাজগড়ত অনুষ্ঠিত হোৱা  বিশ্ব পৰিৱেশ দিৱসৰ কাৰ্যসূচীত ব্যতিক্ৰমী ৰূপত দেখা গ’ল মন্ত্ৰী বিমল বড়াক ৷ কাৰ্যসূচীত কবিতা আবৃত্তিৰে প্ৰকৃতি সুৰক্ষা সন্দৰ্ভত ৰাইজক অৱগত কৰে মন্ত্ৰী বিমল বড়াই (Minister Bimal Borah) ৷

১২ মাহৰ গীত শীৰ্ষক কবিতা আবৃত্তি কৰি বিশ্ব পৰিবেশ দিৱসৰ তাৎপৰ্য বৰ্ণনা কৰে মন্ত্ৰীজনে ৷ উৎকট গৰমত এজোপা গছৰ তলত কবিতা আবৃত্তিৰে গছৰ প্ৰয়োজনীয়তা তথা প্ৰকৃতি সুৰক্ষা সন্দৰ্ভত ৰাইজক অৱগত কৰে মন্ত্ৰী বিমল বড়াই ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ডিব্ৰুগড় জিলাৰ টিংখাঙৰ ৰাজগড়ত সোমবাৰে পৰিবেশ আৰু বন বিভাগৰ উদ্যোগত তথা সাংস্কৃতিক পৰিক্ৰমা বিভাগ আৰু জিলা প্ৰশাসনৰ সহযোগত বিশ্ব পৰিবেশ দিৱস উদযাপন কৰা হয় (World environment day at Tingkhong) ৷ 

এই দিৱসৰ লগত সংগতি ৰাখি প্ৰকৃতি সুৰক্ষা সন্দৰ্ভত এখনি সুন্দৰ বাটৰ নাট পৰিবেশন কৰা হয় ৷ এই অনুষ্ঠানতে মন্ত্ৰী বিমল বড়াই আজিৰ পৰা টিংখাঙত পলিথিন বন্ধ কৰিবলৈ কোৱাৰ লগতে এই ক্ষেত্ৰত জিলা উপায়ুক্তক ব্যৱস্থা গ্ৰহণ কৰিবলৈও আহ্বান জনায় (World environment day) ৷

লগতে পঢ়ক: World environment day: গছপুলি ৰোপন কৰিলে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.