Small Tea Farmers Associations protest: মন্ত্ৰী বিমল বড়াৰ পুত্তলিকা দাহ ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ - পুত্তলিকা দাহ

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Sep 14, 2023, 7:03 PM IST

তিনিচুকীয়া, ১৪ ছেপ্টেম্বৰ: তিনিচুকীয়া জিলাৰ ডুমডুমাত মন্ত্ৰী বিমল বড়াৰ পুত্তলিকা দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ক্ষুদ্ৰ চাহ খেতিয়ক সন্থা তিনিচুকীয়া জিলা সমিতিয়ে ৷ মন্ত্ৰী বিমল বড়াই সদনত চাহ খেতিয়কক লৈ বিৰূপ মন্তব্য কৰাৰ প্ৰতিবাদত ডুমডুমা চহৰৰ মাজমজিয়াত বৃহস্পতিবাৰে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ ডুমডুমা বাছ আস্থানৰ সন্মুখৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ৰাজ্যিক সমিতিৰ নিৰ্দেশ মৰ্মে মন্ত্ৰী বিমল বড়াৰ পুত্তলিকা দাহ কৰি সকীয়নি প্ৰদান কৰে ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাই ৷

ক্ষুদ্ৰ চাহ খেতিয়ক সন্থা ঐক্যবদ্ধ নহয় বাবেই এই সমস্যা সমাধান হোৱা নাই বুলি সদনত মন্তব্য কৰিছিল মন্ত্ৰী বিমল বড়াই ৷ মন্ত্ৰীগৰাকীয়ে ক্ষুদ্ৰ চাহ খেতিয়কৰ পক্ষত থাকি সমস্যা সমাধান কৰাৰ বিপৰীতে বটলিফ্‌ ফেক্টৰিৰ পক্ষত থাকি বনিয়াৰ পক্ষ লোৱা বুলি সৰৱ হৈ পৰে ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাই ৷

অনাগত দিনত গুৱাহাটীত ৫০ হাজাৰ চাহ খেতিয়ক একগোট হৈ ঐক্যবদ্ধৰ পৰিচয় দাঙি ধৰাৰ হুংকাৰ ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ ৷ ইয়াত যদি কিবা অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি তাৰ বাবে সম্পূৰ্ণ জগৰীয়া হ’ব মন্ত্ৰী বিমল বড়া বুলি সদৰী কৰে প্ৰতিবাদকাৰীয়ে ৷

লগতে পঢ়ক: AATSA vs AASA: প্ৰদীপ নাগৰ বিৰুদ্ধে গৰজি উঠিল আটছা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.