thumbnail

By ETV Bharat Assamese Team

Published : Nov 14, 2023, 3:57 PM IST

ETV Bharat / Videos

Distribution of free bicycles :ৰাজগড়ত বিনামূলীয়া চাইকেল বিতৰণ কৰিলে মন্ত্ৰী বিমল বড়াই

মৰাণ,১৪ নবেম্বৰ: শিশু দিৱসৰ দিনটোতে টিংখাঙত মুখ্যমন্ত্ৰীৰ বিশেষ আচঁনিৰ অধীনত বিনামূলীয়া চাইকেল বিতৰণ অনুষ্ঠান সম্পন্ন । টিংখাঙৰ ৰাজগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত চাইকেল প্ৰদান অনুষ্ঠানৰ শুভ উদ্ধোধন কৰে টিংখাঙৰ বিধায়ক তথা মন্ত্ৰী বিমল বড়াই । এই অনুষ্ঠানটোত জয়পুৰ শিক্ষা খণ্ডৰ অধীনৰ কেইবাখনো বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত বিনামূলীয়া চাইকেল বিতৰণ কৰে মন্ত্ৰী গৰাকীয়ে ।  

এই অনুষ্ঠানটোত চাইকেল লাভ কৰা বিদ্যালয় সমূহৰ ছাত্ৰ- ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে স্থানীয় কেইবাগৰাকী বিশিষ্ট লোক উপস্থিত থাকে । অনুষ্ঠানত উপস্থিত থাকি মন্ত্ৰী বিমল বড়াই ছাত্ৰ-ছাত্ৰী সকলৰ সৈতে মত বিনিময় কৰাৰ লগতে আগন্তুক দিনত প্ৰকৃত শিক্ষাৰে শিক্ষিত হৈ সমাজৰ বিভিন্ন দিশত জিলিকি উঠিবলৈ আহ্বান জনায় ।

লগতে পঢ়ক:Tense situation at Noonmati : ন-পাৰ্কিং লিখা বেনাৰৰ বাবে গণ্ডগোল মহানগৰীৰ নুনমাটিত

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.