thumbnail

By ETV Bharat Assamese Team

Published : Sep 26, 2023, 7:54 PM IST

ETV Bharat / Videos

Minister Atul Bora at Majuli: প্ৰয়াত চুতীয়া ছাত্ৰ নেতা বিপুল চুতীয়াৰ বাসগৃহত মন্ত্ৰী অতুল বৰা

মাজুলী, ২৬ ছেপ্টেম্বৰ: সত্ৰনগৰী মাজুলীৰ নয়াবজাৰত মঙলবাৰে উপস্থিত হয় কৃষিমন্ত্ৰী অতুল বৰা । ঢকুৱাখনাৰ এখন সভাত অংশগ্ৰহণ কৰি উভতি অহাৰ সময়ত সদ্যপ্ৰয়াত চুতীয়া ছাত্ৰ নেতা বিপুল চুতীয়াৰ বাসগৃহত উপস্থিত হয় মন্ত্ৰীগৰাকী । বিপুল চুতীয়াৰ পৰিয়ালক সমবেদনা জনোৱাৰ লগতে প্ৰয়াত চুতীয়াৰ ফটোত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে মন্ত্ৰীগৰাকীয়ে ।

মন্ত্ৰী অতুল বৰাই বিপুল চুতীয়াৰ বিয়োগ সমাজৰ বাবে এক অপূৰণীয় ক্ষতি বুলি উল্লেখ কৰে । বিপুল চুতীয়া ইমান সোনকালে আমাৰ মাজৰ পৰা যে আঁতৰি গুচি গ’ল সেইটো ভাবিবই নোৱাৰি বুলি মন্তব্য কৰে মন্ত্ৰী বৰাই । 

ইফালে সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াই বিজেপি, এজিপি আৰু ইউপিপিএলক সহায়হে কৰিব বুলি উল্লেখ কৰি এই প্ৰক্ৰিয়াটোৱে খিলঞ্জীয়াৰ স্বাৰ্থ সুৰক্ষিত কৰিব বুলি মন্তব্য কৰে মন্ত্ৰী বৰাই ৷ তেওঁ বঙাইগাঁৱৰ বিধায়ক ফণী ভূষণ চৌধুৰী পুত্ৰ শান্তনু ভূষণ চৌধুৰীয়ে অসম ছাত্ৰ পৰিষদ নিস্ক্ৰিয় বুলি কৰা মন্তব্য প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ কয় যে, ক’ৰবাত কোনোবা এটা দল-সংগঠন কিছু পৰিমাণে নিস্ক্ৰিয় হ’ব পাৰে, আজিৰ তাৰিখত ইমানো নিস্ক্ৰিয় নহয় ।

লগতে পঢ়ক: Birth anniversary of Srimanta Sankardeva:চিলাপথাৰত মহিলাৰদ্বাৰা প্ৰদৰ্শিত ভাওনা চাবলৈ ভিৰ অসংখ্য লোকৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.