Jairampur violence: অসমীয়াৰ ওপৰত অৰুণাচলীৰ আক্ৰমণক দুৰ্ভাগ্যজনক আখ্যা মন্ত্ৰী অতুল বৰাৰ - Firing at Assam Arunachal border

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jun 6, 2023, 11:01 PM IST

নিউজ ডেস্ক, 6 জুন: বিশ্ব পৰিৱেশ দিৱসৰ দিনাই ধেমাজি জিলাৰ জয়ৰামপুৰৰ অসম-অৰুণাচল সীমান্তত অৰুণাচলী দুৰ্বৃত্তৰ আক্ৰমণৰ ঘটনাক দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰিছে বোকাখাতৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী অতুল বৰাই (Atul Bora on Jairampur violence) ৷ মঙলবাৰে বোকাখাতত এই মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷

তেওঁ কয় যে, অসম-অৰুণাচল সীমা সমস্যা সমাধানৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই গুৰুত্বপূৰ্ণ ভুমিকা গ্ৰহণ কৰিছে ৷ এই ঘটনাৰ পিচত সমগ্ৰ বিষয়টো গুৰুত্ব সহকাৰে লৈছে মুখ্যমন্ত্ৰীয়ে (Firing at Assam Arunachal border) ৷  

তেওঁ লগতে কয় যে, পূৰ্বে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু শীৰ্ষ বিষয়াৰে সীমা সমস্যা সমাধানৰ বাবে আলোচনাত মিলিত হোৱাৰ লগতে চুক্তিও স্বাক্ষৰিত হৈছে ৷ কিছু কাম বাকী আছে যদিও শীঘ্ৰেই এই সমস্যা সমাধান হ'ব বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে (Assam Arunachal Border tense)৷ 

লগতে পঢ়ক: Assam Arunachal Border Firing : ধেমাজিৰ গুলীচালনা ঘটনাত অভিযুক্ত ৫ অৰুণাচলী দুৰ্বৃত্তক গ্ৰেপ্তাৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.