গোলাঘাটত জ্যোৰ্তিময়ী শিশু উদ্যান-যমুনা পানী যোগান আচঁনি উদ্বোধন

By ETV Bharat Assamese Team

Published : Dec 29, 2023, 10:05 PM IST

thumbnail

গোলাঘাট, 29 ডিচেম্বৰ : গোলাঘাট নগৰলৈ চমক আনিছে স্থানীয় বিধায়ক তথা ৰাজ্যৰ বিত্তমন্ত্ৰী অজন্তা নেওগে । গোলাঘাট জিলাৰ প্ৰাণকেন্দ্ৰ গোলাঘাট নগৰক সজাই-পৰাই তুলি দৃষ্টিনন্দন কৰাই নহয় অসমৰ ভিতৰতে আদৰ্শ নগৰ হিচাপে গঢ়ি তোলাৰ আন্তৰিক প্ৰয়াসত নামি পৰিছে মন্ত্ৰী তথা স্থানীয় বিধায়ক মন্ত্ৰী অজন্তা নেওগ । আহল-বহল বাট-পথ, নলা-নৰ্দমা নিৰ্মাণৰ লগতে নগৰৰ সৌন্দৰ্যবৰ্ধনে ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ৷

গোলাঘাট নগৰৰ নগৰৰ মাজ-মজিয়াৰ অসম ৰাজ্যিক বাছ আস্থানৰ সন্মুখত দীৰ্ঘদিন ধৰি পৰিত্যক্ত হৈ থকা ঐতিহ্যমণ্ডিত জ্যোৰ্তিময়ী উদ্যানখন অত্যাধুনিক ৰূপত সজাই-পৰাই নিৰ্মাণ কৰি মন্ত্ৰী অজন্তা নেওগে আজি শুভ উদ্বোধন কৰি ৰাইজৰ বাবে উৰ্চগা কৰে । উদ্যান উদ্বোধন কৰি অতিকৈ উৎফুল্লিত হৈ পৰে মন্ত্ৰীগৰাকী । প্ৰায় দুই কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে উদ্যানখন ।

অন্যহাতে নগৰবাসীৰ খোৱাপানীৰ উৎস স্বৰূপ যমুনা পুখুৰীৰ কদৰ্যৰূপ আৰু এতিয়াৰে পৰা ৰাইজে দেখিবলৈ নাপায় । যমুনা পুখুৰীৰ এই দৃশ্য আপুনি প্ৰত্যক্ষ কৰকচোন । নগৰখনকে যেন এতিয়া বিশেষভাৱে শোভাবৰ্ধন কৰিছে নগৰৰ যমুনা পুখুৰীয়ে । মন্ত্ৰী অজন্তা নেওগৰ তৎপৰতাত প্ৰায় ২০ কোটি টকা ব্যয় সাপেক্ষে যমুনা পুখুৰীক ন-ৰূপ প্ৰদান কৰি অত্যাধুনিকভাৱে পানী যোগান আঁচনি নিৰ্মাণ কৰি মন্ত্ৰী অজন্তা নেওগে আজি শুভ উদ্বোধন কৰে । এই উপলক্ষে আয়োজিত শুভ উদ্বোধনী অনুষ্ঠানত গোলাঘাট পৌৰসভাৰ পৌৰপতি দুলুমণি বৰবৰা, উপ-সভাপতি সীমান্ত বৰা, অসম গণ পৰিষদ গোলাঘাট জিলা সমিতিৰ সভাপতি নৃপেন বৰুৱা লগতে বিপুল সংখ্যক লোক উপস্থিত থাকে ।

লগতে পঢ়ক : সৰুপথাৰত গোলাঘাট পৰিবহণ বিভাগৰ তালাচী অভিযান

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.