ওদালগুৰিত ভোগালীৰ বাবে সাজু দুশ লিটাৰ এঠা দৈ - Preparation for Magh Bihu
🎬 Watch Now: Feature Video


Published : Jan 13, 2024, 10:37 AM IST
ওদালগুৰি,১৩ জানুৱাৰী: কাইলৈ উৰুকা । ভোগৰ উৎসৱ ভোগালীক আদৰাত ব্যস্ত কৃষিজীৱি অসমীয়া । ভোগালী বুলি ক'লেই হাঁহে-মাহে এসাঁজ খোৱাৰ লগতে আহি পৰে এঠা দৈৰে এবাতি জলপানৰ কথা । সেয়ে এঠা দৈ প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰিছে প্ৰতিগৰাকী গো-পালক । ৰাজ্যৰ অন্যান্য প্ৰান্তৰ সমান্তৰালভাৱে ওদালগুৰি জিলাতো দেখিবলৈ পোৱা গৈছে গো-পালকসকলৰ ভীষণ ব্যস্ততা ।
এইবাৰ বিহুৰ বাবে প্ৰায় দুশ লিটাৰ এঠা দৈ সাজু কৰিছে ওদালগুৰিৰ এগৰাকী অৱসৰপ্ৰাপ্ত কৃষি বিষয়াই । চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পিছত তেওঁ ঘৰতে পুহিছে কেবাটাও বিভিন্ন প্ৰজাতিৰ গাই গৰু । ওদালগুৰি জিলাৰ কলাইগাঁৱৰ উপেন ডেকা নামৰ এইগৰাকী অৱসৰপ্ৰাপ্ত কৃষি বিষয়াই নিতৌ পঞ্চাশ-ষাঠি লিটাৰ গাখীৰ বিক্ৰী কৰি আহিছে । এইবাৰ তেওঁ ঘৰতে প্ৰস্তুত কৰিছে এঠা দৈ । নিজকে কৰ্ম ব্যস্ততাৰ মাজত ৰাখি ভালপোৱা উপেন ডেকা আন দহজনৰ বাবে আদৰ্শ ।
লগতে পঢ়ক: তেজপুৰত প্ৰাক ভোগালী অনুষ্ঠানত অভিনেত্ৰী শ্য়ামন্তিকা