thumbnail

Migratory birds in Assam : শিৱসাগৰৰ পহুগড়ত পৰিভ্ৰমী পক্ষী হত্যাৰ অভিযোগ

By ETV Bharat Assamese Team

Published : Nov 16, 2023, 4:45 PM IST

শিৱসাগৰ, 16 নৱেম্বৰ : শিৱসাগৰৰ পহুগড়ত বৃহস্পতিবাৰে দুপৰীয়া বনকৰ্মীয়ে উদ্ধাৰ কৰে দুটা মৃত পৰিভ্ৰমী পক্ষী ৷ দুষ্প্ৰাপ্য দেওৰাজ হাঁহ দুটা মৃত অৱস্থাত পৰি থকা আৰু দুটা ছটফটাই থকা অৱস্থাত এজন ব্যক্তিয়ে প্ৰত্যক্ষ কৰাৰ পিছতে শিৱসাগৰ বন বিভাগক খবৰ দিয়ে ৷ তাৰ পিছতে বন কৰ্মীয়ে মৃত অৱস্থাত উদ্ধাৰ কৰে পৰিভ্ৰমী পক্ষী দুটা ৷

কোনো দুষ্কৃতিকাৰীয়ে বিহ দি পৰিভ্ৰমী পক্ষী নিধন কৰাৰ সন্দেহ বন কৰ্মীৰ লগতে স্থানীয় সচেতন নাগৰিকৰ ৷ লক্ষ্যণীয় যে মৃত পৰিভ্ৰমী পক্ষী দুটাৰ উপৰিও অসুস্থ অৱস্থাত থকা আন এটা দেওৰাজ হাঁহ উদ্ধাৰ কৰাৰ পূৰ্বে উৰি যায় ৷  

উল্লেখ্য যে বিগত সময়চোৱাতো পহুগড়ত বিহ দি পৰিভ্ৰমী পক্ষী নিধন কৰি কেইবাগৰাকী লোক ৰঙাঘৰৰ আলহী হোৱাৰ উদাহৰণ আছে ৷ বছৰি শীতকাল আৰম্ভ হোৱাৰ লগে লগে পহুগড়লৈ আগমন ঘটে জাক জাক পৰিভ্ৰমী পক্ষীৰ ৷ 

লগতে পঢ়ক : Worm in paddy fields : নলবাৰীৰ মেৰুৱাট্টাৰীৰ পকা ধাননিত অচিন পোকৰ ত্ৰাস, বিমোৰত চহা কৃষক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.