Mid Day Meal Workers Protest: বিলাসীপাৰাত শিক্ষা বিষয়াৰ কাৰ্যালয় ঘেৰাও মধ্যাহ্ন ভোজন ৰান্ধনী কৰ্মচাৰীৰ - Bilashipara Education Block Officers office

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Nov 4, 2023, 5:42 PM IST

বিলাসীপাৰা, ৪ নৱেম্বৰ : বিলাসীপাৰা শিক্ষা খণ্ড বিষয়া কাৰ্যালয় ঘেৰাও কৰি শতাধিক ৰান্ধনী-কৰ্মচাৰীয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নে ছয় দফীয়া দাবীৰে ৰূপায়ন কৰে এই প্ৰতিবাদী কাৰ্যসূচী । মাহিলী মাননি ১৫০০ টকাৰ পৰা ১০ হাজাৰ টকালৈকে বৃদ্ধি কৰাকে ধৰি একাধিক দাবীৰ ভিত্তিত ৰন্ধনকৰ্মী সকলে সাব্য়স্ত কৰে এই প্ৰতিবাদ ।

উল্লেখ্য় যে দীর্ঘদিন ধৰি ৰান্ধনী-কৰ্মচাৰীয়ে দাবী পূৰণৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে যদিও চৰকাৰে কোনো গুৰুত্ব প্ৰদান কৰা নাই । প্ৰতিবাদকাৰী সকলে চৰকাৰৰ ন্য়ূনতম মজুৰি আইন মতে, মাহিলি ১০ হাজাৰ টকা মাননি দিয়া, বছৰৰ ১২ মাহে মাননি প্ৰদান, বিদ্যালয় একত্ৰীকৰণত কাম হেৰুওৱা ৰন্ধনকৰ্মীক এককালীন ৩ লাখ টকাৰ সাহায্য প্ৰদান,আঘাতপ্ৰাপ্ত ৰন্ধনকৰ্মীক চিকিৎসা সাহায্য় প্ৰদানৰ দাবী জনায় ।

লগতে পঢ়ক:Mid Day Meal Workers hold Protest: হিমন্ত মামাৰ ঘৈণীয়েকৰ চাবোন এডোখৰৰ দাম এহেজাৰ টকা নহয় !

For All Latest Updates

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.