thumbnail

By

Published : Jun 17, 2022, 5:23 PM IST

Updated : Feb 3, 2023, 8:23 PM IST

ETV Bharat / Videos

Majuli Jorhat link bridge: নিৰ্মাণ সম্পূৰ্ণ হোৱাই নাই, মেৰামতি আৰম্ভ মাজুলী সংযোগী দলঙৰ

প্ৰায় ডেৰ মাহৰ অন্তত আৰম্ভ মাজুলী-যোৰহাট সংযোগী দলঙৰ খুটাৰ মেৰামতিৰ কাম (Repair work on Majuli Jorhat connecting bridge begins)। শীৰ্ষ পৰ্যায়ৰ কাৰিকৰী দলে ৮ নম্বৰ খুটাৰ মেৰামতিৰ কাম ইতিমধ্যে আৰম্ভ কৰিছে । উল্লেখ্য যে দলং নিৰ্মাণৰ বিসংগতি সন্দৰ্ভত যোৱা ১ মে'ত অসমৰ বিভিন্ন সংবাদমাধ্যমত বাতৰি প্ৰকাশ হৈছিল (Mess in construction of Majuli Jorhat bridge)। লগে লগে জিলা প্ৰশাসনৰ নিৰ্দেশত দলং নিৰ্মাণৰ কাম বন্ধ কৰা হৈছিল । ৮ আৰু ১১ নম্বৰ খুটাত ধৰা পৰিছিল নিৰ্মাণৰ বিসংগতি । দিল্লীৰ পৰা অহা উচ্চ পদস্থ বিষয়াসকলে নিৰ্মাণস্থলীত উপস্থিত হয় আৰু তদন্ত আৰম্ভ কৰে । ইয়াৰ পাছতে ৮ নম্বৰ খুটাৰ বিসংগতি দূৰ কৰিবলৈ এটা কাৰিকৰী দলে আৰম্ভ কৰিছে উন্নত প্ৰযুক্তিৰে মেৰামতিৰ কাম । খুটাটোৰ মেৰামতিৰ ফলাফলৰ ওপৰত নিৰ্ভৰ কৰিহে দলঙৰ বাকী খুটাৰ নিৰ্মাণৰ কাম কৰিব বুলি জানিবলৈ দিছে দায়িত্বত থকা বিষয়াই । অৱশ্যে এই সন্দৰ্ভত কোনো ধৰণৰ স্পষ্ট মন্তব্য দিয়া নাই বিষয়াসকলে । গতিকে এতিয়া অনিশ্চয়তাত মাজুলী-যোৰহাট সংযোগী দলং নিৰ্মাণৰ কাম ।
Last Updated : Feb 3, 2023, 8:23 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.