বাইকৰ তীব্ৰগতিয়ে প্ৰাণ কাঢ়িলে হোজাইৰ দুই যুৱকৰ

By ETV Bharat Assamese Team

Published : Nov 25, 2023, 12:22 PM IST

thumbnail

হোজাই, 25 নৱেম্বৰ : হোজাইত অঘটন ৷ শুকুৰবাৰে হোজাইত সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা । এই পথ দুৰ্ঘটনাত থিতাতে নিহত হয় দুই যুৱক ৷ নিহত দুই যুৱক হৈছে বিষ্ণুপল্লীৰ 19 বছৰীয়া ৰক্ষীদ আলী আৰু 17 বছৰীয়া হুছেইন আহমেদ ৷

জানিব পৰা মতে, এখন R1-15 বাইক আৰু আন এখন স্কুটীৰে চাৰি বন্ধু শুকুৰবাৰে ফুৰিবলৈ ওলাই গৈছিল ৷ কিন্তু দশা বেয়া আছিল চাৰি বন্ধুৰ ৷ নিলবাগানৰ পৰা হোজাই অভিমুখে গৈ থকা অৱস্থাতে নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাত পতিত হয় দুচকীয়া বাহনকেইখন ৷ ফলত বাইকখনত থকা ৰক্ষীদ আলী আৰু হুছেইন আহমেদৰ থিতাতে মৃত্যু হয় ৷

তথ্য অনুসৰি, দুৰ্ঘটনাত পতিত হোৱা স্কুটীখনত আছিল ছলমান খান আৰু নেকিবুৰ হুছেইন ৷ অতি সংকটজনক অৱস্থাত আহত দুয়োকে হাম হাস্পতালত ভৰ্তি কৰোৱা হয় ৷ প্ৰত্যক্ষদৰ্শীয়ে উল্লেখ কৰা মতে, দুৰ্ঘটনাত পতিত হোৱা দুচকীয়া বাহনকেইখনৰ গতি তীব্ৰ আছিল ৷ যাৰ বাবে উক্ত দুৰ্ঘটনাটো সংঘটিত হয় ৷

লগতে পঢ়ক : গ্ৰেণেড, পিষ্টলসহ চৰাইদেউত আত্মসমৰ্পণ আলফা স্বাধীন কেডাৰৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.