Meeting at North Bongaigaon: বঙাইগাঁৱত অসম মাইক্ৰ'ফাইনেন্স ইনছেণ্টিভ আৰু ৰিলিফ আঁচনিৰ সন্দৰ্ভত অনুষ্ঠিত সভা - প্ৰাক্তন বিধায়ক ভূপেন ৰায়
🎬 Watch Now: Feature Video
Published : Oct 16, 2023, 4:11 PM IST
বঙাইগাঁও, 16 অক্টোবৰ : সোমবাৰে উত্তৰ বঙাইগাঁও ষ্টেডিয়ামত অসম মাইক্ৰ'ফাইনেন্স ইনছেণ্টিভ আৰু ৰিলিফ আঁচনি লৈ এক সভা অনুষ্ঠিত কৰা হয় ৷ অসম মাইক্ৰ'ফাইনেন্স ইনছেণ্টিভ আৰু ৰিলিফ আঁচনিৰ অধীনত মহিলা সবলীকৰণৰ বাবে বঙাইগাওঁ জিলাৰ মুঠ 2,472 গৰাকী মহিলাক ঋণ মুক্ত চাৰ্টিফিকেট প্ৰদান কৰা হয় ৷ আগন্তুক দিনতো মহিলা সবলীকৰণৰ বাবে এই ধৰণৰ পদক্ষেপ অসম চৰকাৰে হাতত ল’ব বুলি সভাখনত সদৰী কৰে সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই ৷
এই সভাত মুখ্য অতিথি হিচাপে আমন্ত্ৰিত সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যৰ লগ দিয়ে স্থানীয় বিধায়ক ফণী ভূষণ চৌধুৰী, প্ৰাক্তন বিধায়ক ভূপেন ৰায়, জিলা আয়ুক্ত নৱদ্বীপ পাঠক , KAC ৰ অধ্যক্ষ হিতেশ্বৰ বৰ্মন, মুখ্য কাৰ্যবাহী পাৰিষদ গোকুল, বঙাইগাওঁ জিলা পৰিষদৰ অধ্যক্ষ বিজয় সিংহ, বঙাইগাওঁ পৌৰসভাৰ পৌৰপতি সুবোধ চন্দ্ৰ দাস, উপ-পৌৰপতি শৈলেন্দ্ৰ সৰকাৰ লগতে বহু কেইবাগৰাকী বিশিষ্ট অতিথিয়ে ৷
লগতে পঢ়ক: Fire in cracker factory: আতচবাজী ফেক্টৰীত অগ্নিকাণ্ড, এজন যুৱকৰ মৃত্যু