ৰাষ্ট্ৰীয় শিক্ষকৰ সন্মানৰে জিলিকিল তেজপুৰৰ মিনাক্ষী গোস্বামী - Tezpur sonitpur National Teachers Award
🎬 Watch Now: Feature Video
অসম তথা তেজপুৰবাসীৰ বাসীৰ বাবে এক সুখবৰ ৷ ৰাষ্ট্ৰীয় শিক্ষকতা বঁটা 2022 লাভ কৰিবলৈ সক্ষম হৈছে তেজপুৰৰ বিহগুৰিৰ স্বৰ্গীয় চন্দ্ৰ নাথ শৰ্মা সোঁৱৰণী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা মিনাক্ষী গোস্বামীয়ে (Meenakshi Goswami selected for Teachers award)৷ ভাৰতবৰ্ষৰ 46 গৰাকী শিক্ষক-শিক্ষয়ত্ৰীৰ ভিতৰত থাকি এই সন্মান লাভ কৰে মিনাক্ষী গোস্বামীয়ে ৷ ইটিভি ভাৰতৰ সৈতে হোৱা এক আচুতীয়া সাক্ষাৎকাৰত প্ৰথম প্ৰতিক্ৰিয়া প্ৰকাশ কৰে শিক্ষয়ত্ৰীগৰাকীয়ে । এখন বিদ্যালয়ৰ মুৰব্বী ঠিক থাকিলে কোনো ৰাজনৈতিক দলৰ প্ৰভাৱ শিক্ষাত নপৰে বুলি মন্তব্য কৰে তেওঁ । তেওঁ কয় যে বৰ্তমান বিদ্যালয়ৰ amalgamation কোনো বেয়া নহয় । ১৯৮৯ চনত স্বৰ্গীয় চন্দ্ৰ নাথ শৰ্মা সোঁৱৰণী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ইংৰাজী বিষয়ৰ শিক্ষক হিচাপে যোগদান কৰি একেখন বিদ্যালয়তে ২০১৭ চনৰ পৰা অধ্যাপিকা হিচাবে কৰ্মৰত হৈ আছে গোস্বামী ৷ চাওক আমাৰ এই বিশেষ কথোপকথন...
Last Updated : Feb 3, 2023, 8:27 PM IST