Medical staff locked patient: চিকিৎসালয়ৰ ভিতৰত চেলাইন লৈ শুই আছে ৰোগী, তলা মাৰি গুচি গ’ল কৰ্মচাৰী - Staff locked patient with saline at Hajo

🎬 Watch Now: Feature Video

thumbnail

By

Published : Mar 14, 2023, 10:12 PM IST

হাজো, 14 মাৰ্চ: হাজোৰ বাৰাংহাটীত এক আজৱ কাণ্ড সংঘটিত হৈছে (Strange situation at Hajo)। স্বাস্থ্য কেন্দ্ৰৰ ভিতৰত চেলাইন লৈ শুই থকা ৰোগীক তলা মাৰি থৈ এৰি গুচি গ’ল কৰ্মচাৰীয়ে ৷ জানিব পৰা অনুসৰি মঙলবাৰে হাজোৰ কঞা আৰক্ষী থানাৰ অন্তৰ্গত পূব বাৰাংহাটী গাঁৱৰ ৩৫ বছৰীয়া এগৰাকী মহিলাই শাৰিৰীক অসুস্থতাৰ বাবে স্বাস্থ্য কেন্দ্ৰটোলৈ চিকিৎসাৰ বাবে গৈছিল (Medical staff locked patient )। 

স্বাস্থ্য কৰ্মীসকলে মহিলাগৰাকীক চেলাইন দিয়াৰ পিচতেই চিকিৎসালয়খন তলা মাৰি থৈ সকলো কৰ্মচাৰী ঘৰা-ঘৰি গুচি যায় ৷ চিকিৎসকৰ পৰামৰ্শ মতে ভুক্তভোগী মহিলাগৰাকীক মেডিকেলৰ ভিতৰতেই চেলাইন দিয়া হৈছিল ৷  কিন্তু দিনৰ প্ৰায় ১ বজাতেই চেলাইন দি থোৱা মহিলাগৰাকীক হাস্পতালৰ ভিতৰতেই এৰি থৈ স্বাস্থ্যকৰ্মীয়ে তলা মাৰি গুচি যায় (Staff locked patient with saline at Hajo)।  

ইফালে মহিলাগৰাকীয়ে হাস্পতালখনত কোনো ব্যক্তিক দেখা নাপায় চিঞৰ বাখৰ কৰে ৷ মহিলাগৰাকীয়ে উপায়হীন হৈ নিজেই চেলাইন খুলি লৈ হাস্পতালখনৰ ভিতৰৰ পৰা সহায়ৰ বাবে লোক বিচাৰে ৷  ইফালে মহিলাগৰাকীৰ চিঞৰ বাখৰ শুনি ওচৰতে থকা চাফাই কৰ্মী পাৰ্বতী বাছফৰ নামৰ মহিলাগৰাকীয়ে দৌৰি আহি মহিলাগৰাকীক হাস্পতালৰ পৰা উদ্ধাৰ কৰে । 

লগে লগে ঘটনাস্থলীত কঞা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰমোদ কোঁৱৰ উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰি ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰে । ৰোগীক চেলাইন দি বাহিৰৰ পৰা তলা মাৰি স্বাস্থ্যকৰ্মী গুচি যোৱা ঘটনাই সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

লগতে পঢ়ক: Jio sim fraud case: বৰপেটাত একে নম্বৰৰ দুখন জিঅ’ ছিমে শ’লঠেকত পেলালে গ্ৰাহকক

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.