নলবাৰীত ৰেস্তোঁৰাত ঘোচ লৈ গ্ৰেপ্তাৰ জোখ-মাখ বিষয়া

By ETV Bharat Assamese Team

Published : Nov 18, 2023, 1:29 PM IST

thumbnail

নলবাৰী, ১৮ নৱেম্বৰ: পুনৰ ঘোচ লৈ গ্ৰেপ্তাৰ হ’ল নলবাৰীৰ এজন চৰকাৰী বিষয়া । নলবাৰীৰ জোখ-মাখ নিয়ন্ত্ৰণ কাৰ্যালয়ৰ এজন বিষয়াই ঘোচ লওঁতে আটক হয় দুৰ্নীতি নিবাৰক শাখাৰ হাতত। ঘোচখোৰ বিষয়াজন নলবাৰী জোখ-মাখ নিয়ন্ত্ৰণ বিভাগৰ জ্যেষ্ঠ বিষয়া নৱ কুমাৰ শৰ্মা বুলি জানিব পৰা হৈছে । এক লাখ টকালৈ থকা অৱস্থাত নলবাৰীৰ মৌচাক নামৰ এখন হোটেলৰ পৰা দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰে শৰ্মাক ।

উল্লেখ্য যে, ধমধমাৰ এটা পেট্ৰ’ল ডিপোৰ জোখমাখৰ বাবদ একলাখ টকা দাবী কৰিছিল অভিযুক্ত নৱ কুমাৰ শৰ্মাই । শুকুৰবাৰে দাবী কৰা ধন নিবলৈ আহি ৰঙাঘৰৰ আলহী হ’বলগীয়া হয় জোখ-মাখ নিয়ন্ত্ৰণ বিভাগৰ জ্যেষ্ঠ বিষয়াগৰাকী । দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰি নিশাই লৈ যায় নৱ কুমাৰ শৰ্মাক ।

লগতে পঢ়ক: SI arrested for taking bribe: 20 হাজাৰ টকাৰ ঘোচ লৈ গ্ৰেপ্তাৰ হ’ল উপ পৰিদৰ্শক প্ৰণৱ নাথ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.