thumbnail

By

Published : Mar 25, 2023, 8:38 PM IST

ETV Bharat / Videos

37th Central General Assembly: ভক্তৰ সমাহাৰেৰে বৈকুন্ঠপুৰীলৈ পৰিৱৰ্তিত মায়ামৰা সত্ৰ

মৰাণ, 25 মাৰ্চ: শনিবাৰৰ পৰা ডিব্ৰুগড়স্থিত মায়ামৰা সত্ৰত সদৌ অসম মায়ামৰা সাংস্কৃতিক সমাজৰ (Mayamora Xanskritik samaj)৩৭ সংখ্যক কেন্দ্ৰীয় সাধাৰণ অধিৱেশন আৰম্ভ হৈছে ৷ দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে লাহোৱালৰ আলিমূৰ বচাপথাৰ গাঁৱত অনুষ্ঠিত কৰা হৈছে এই অধিৱেশনৰ কাৰ্যসূচী (37th Central General Assembly) ৷ প্ৰায় ১০ হাজাৰ ভক্তৰ সমাগমেৰে অনুষ্ঠিত হোৱা আজি অধিবেশনৰ কাৰ্যসূচী অনুসৰি পুৱা ৯ বজাত ধৰ্মীয় ধৰ্মধ্বজা উত্তোলন কৰে ডিব্ৰুগড় জিলা মায়ামৰা সাংস্কৃতিক সমাজৰ সভাপতি বিদ্যাধৰ দত্তই । তাৰ পাচতেই সদৌ অসম মায়ামৰা সাংস্কৃতিক সমাজৰ কেন্দ্ৰীয় পতাকা উত্তোলন কৰে নৱ নিৰ্বাচিত সভাপতি পূণ্যধৰ দাসে ।  

ইয়াৰ লগে লগে মায়ামৰা সাংস্কৃতিক সমাজৰ ৩৭ খন পতাকা উত্তোলন কৰে উদযাপন সমিতিয়ে । ভাগৱত থাপনা, পাঠ আৰু গায়ন-বায়ন স্থাপন কাৰ্যসূচীৰে প্ৰথম দিনৰ কাৰ্যসূচী সমাপন কৰা হয় ৷ ১৬০১ খৃষ্টাব্দত শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ গুৰুজনাই গোপালদেৱৰ আজ্ঞা অনুসাৰে প্ৰতিষ্ঠা কৰিছিল মায়ামৰা সত্ৰ ৷  মায়ামৰীয়া এই বৃহৎ ধৰ্মীয় আৰু সাংস্কৃতিক অনুষ্ঠানটিত অংশগ্ৰহণ কৰিবৰ বাবে সকলো শ্ৰেণীৰ ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতি কামনা কৰিছে সদৌ অসম মায়ামৰা সাংস্কৃতিক সমাজৰ উদযাপন সমিতিয়ে ।

লগতে পঢ়ক: Flybig service in Assam: ৰাজ্যৰ পৰ্যটন ক্ষেত্ৰত নতুন সংযোগ ফ্লাইবিগ বিমান সেৱা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.