May day 2023 : শিৱসাগৰত উদযাপন কৰা হ’ল আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক দিৱস

🎬 Watch Now: Feature Video

thumbnail

শিৱসাগৰ, 1 মে’ : ভাৰতীয় ৰাষ্ট্ৰীয় মজদুৰ কংগ্ৰেছৰ উদ্যোগত আজি শ্ৰমিক দিৱস উদযাপন কৰা হয় । সমগ্ৰ দেশৰ শ্ৰমিকৰ অধিকাৰ আৰু প্ৰাপ্যৰ দাবীত প্ৰতি বছৰে মে' মাহৰ 1 তাৰিখে পালন কৰা হয় আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক দিৱস । সমগ্ৰ দেশ আৰু ৰাজ্যৰ লগতে আজি শিৱসাগৰ নগৰৰ ছোৱালী কলেজত ভাৰতীয় ৰাষ্ট্ৰীয় মজদুৰ কংগ্ৰেছৰ উদ্যোগত শ্ৰমিক দিৱস উদযাপন কৰা হয় (May day 2023 celebration in Assam)। 

পতাকা উত্তোলন, শোভাযাত্ৰাৰ পাচত এখন সভা ছোৱালী কলেজৰ সভাকক্ষত অনুষ্ঠিত হয় । শ্ৰমিকৰ স্বাৰ্থ আৰু অধিকাৰ ৰক্ষাৰ বাবে মজদুৰ কংগ্ৰেছে আগবঢ়োৱা অৰিহণা আৰু শ্ৰমিকক লগত লৈ চলাই যোৱা সংগ্ৰামত চৰকাৰৰ অমনোযোগিতাৰ কথা আক্ষেপেৰে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে ভাৰতীয় ৰাষ্ট্ৰীয় মজদুৰ কংগ্ৰেছৰ নেতা পূৰ্ণকান্ত গোঁহায়ে ।

লগতে পঢ়ক :  May day 2023 : শ্ৰম দিৱসে দেশত শতবৰ্ষ গৰকিবৰ সময়তো শ্ৰমিকে নাপালে প্ৰাপ্য স্বীকৃতি

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.