thumbnail

By

Published : Feb 8, 2023, 10:50 PM IST

Updated : Feb 14, 2023, 11:34 AM IST

ETV Bharat / Videos

Two groups clash over ducks: গোৱালপাৰাত হাঁহক কেন্দ্ৰ কৰি দুই ফৈদৰ মাজত প্ৰচণ্ড মাৰপিট

গোৱালপাৰা, ৮ ফেব্ৰুৱাৰী: দুটা হাঁহৰ বাবেই বুধবাৰে অথন্তৰ লাগে গোৱালপাৰা জিলাৰ লক্ষীপুৰ আৰক্ষী থানাৰ অন্তৰ্গত জলেশ্বৰৰ বাশমূৰা কৰিচালা গাঁৱত ৷ গাজিবৰ ৰহমানৰ ঘৰৰ হাঁহে অঞ্চলটোৰ কাচেম আলী আৰু আমিনুল ইছলামৰ ঘৰত অনাধিকাৰ প্ৰৱেশ কৰাত লাগে এই অথন্তৰ ৷ "কিয় তোৰ ঘৰৰ হাঁহে অনাধিকাৰ প্ৰৱেশ কৰিব মোৰ ঘৰত" ইয়াকে লৈ সোঁচ্চাৰ হৈ পৰে কাচেম আলী আৰু আমিনুল ইছলাম ৷ লগে লগে হাতত দা, লাঠী, জোং আদি চোকা অস্ত্ৰ লৈ কাচেম আলী আৰু আমিনুল ইছলাম উপস্থিত হয় গাজিবৰ ৰহমানৰ ঘৰত(Two groups clash over ducks in Goalpara) ৷

কাচেম আলী আৰু আমিনুল ইছলাম গাজিবৰ ৰহমানৰ ঘৰত উপস্থিত হোৱাৰ পাচতেই সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ ৷ কাচেম আলী আৰু আমিনুল ইছলামৰ নেতৃত্বত অহা দলটোৱে গাজিবৰ ৰহমান(৫০), আমিনা খাতুন(৪০), ইলিয়াছ ৰহমান আৰু বেল্লাল হুছেইনৰ লগতে আন কেইবাগৰাকী লোকৰ ওপৰত বৰ্বৰভাৱে আক্ৰমণ চলোৱাৰ অভিযোগ উত্থাপন কৰিছে গাজিবৰ ৰহমানৰ পৰিয়ালৰ লোকে । এনেকৈয়ে মাত্ৰ দুটা “হাঁহ"ক কেন্দ্ৰ কৰি কৰিচালা গাঁৱত দুই ফৈদৰ মাজত সংঘটিত হয় ভয়ংকৰ মাৰপিটৰ ঘটনা(Massive scuffle between two Group) । 

লগতে পঢ়ক: ধুবুৰীত ভূমি বিবাদক কেন্দ্ৰ কৰি দুই ফৈদৰ মাজত সংঘৰ্ষ

ইফালে কাচেম আলী আৰু আমিনুল ইছলামে দা, লাঠী, জোং আদি চোকা অস্ত্ৰৰে আঘাতত গুৰুতৰভাৱে আহত হয় গাজিবৰ ৰহমান¸আমিনা খাতুন আৰু ইলিয়াছ ৰহমান(Massive scuffle between two Group over ducks) । তিনিওকে সংকটজনক অৱস্থাত স্থানীয় ৰাইজে জলেশ্বৰ মডেল হাস্পতালত ভৰ্তি কৰোৱাই যদিও পাচত চিকিৎসকে উন্নত চিকিৎসাৰ বাবে আটাইকে গোৱালপাৰা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে(Goalpara Civil Hospital) ।

সম্প্ৰতি ঘটনা সংক্ৰান্তত জলেশ্বৰ আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে ভুক্তভোগী পৰিয়ালৰ লোকে । ভুক্তভোগী পৰিয়ালৰ এজাহাৰৰ ভিত্তিত জলেশ্বৰ আৰক্ষীয়ে ঘটনা সংক্ৰান্তত অনুসন্ধান আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে । 

লগতে পঢ়ক: শিশুৰ মল ত্যাগক কেন্দ্ৰ কৰি সংঘৰ্ষঃ জ্বলাই দিলে মালবাহী ট্ৰাক

Last Updated : Feb 14, 2023, 11:34 AM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.