Massive Erosion at Jonai: পবা বনাঞ্চলত ভয়াৱহ খহনীয়া; জাহ যোৱাৰ উপক্ৰম লেকু খণ্ডৰ শ শ হেক্টৰ মাটি

By ETV Bharat Assamese Team

Published : Aug 25, 2023, 2:26 PM IST

thumbnail

জোনাই, ২৫ আগষ্ট : ধেমাজি জিলাৰ একমাত্ৰ সংৰক্ষিত বনাঞ্চল হৈছে জোনাইৰ পবা সংৰক্ষিত বনাঞ্চল ৷ এই সংৰক্ষিত বনাঞ্চলখন আজি অস্তিত্বৰ সংকটত পৰিছে ৷ জোনাইৰ লেকু নদীৰ ভয়াৱহ খহনীয়াত কেবা হেক্টৰ মাটিকালি ইতিমধ্যে জাহ যোৱাৰ উপক্ৰম হৈছে ৷

প্ৰতি বছৰে পাহাৰীয়া খৰস্ৰোতা লেকু নদীয়ে পবা সৰংক্ষিত বনাঞ্চলৰ লেকু বিটৰ অন্তৰ্গত অঞ্চল ভয়াৱহ বাবে খহানীয়াৰ কৱলত পৰে ৷ যাৰ ফলত এতিয়া পবা সংৰক্ষিত বনাঞ্চলৰ প্ৰতি তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে ৷ জৈৱ বৈচিত্ৰৰ ভঁৰাল পবা সংৰক্ষিত বনাঞ্চল বেদখল কৱলত পৰি সংকুচিত হৈ আহি ধৰিছে ৷

ইয়াৰ পিচতে এতিয়া লেকু নদীৰ খহনীয়াই এক নতুন ভাবুকি কঢ়িয়াই আনিছে ৷ লেকু নদীয়ে প্ৰতি বছৰে পবাৰ বহু মূল্যৱান গছ-গছনি খহাই নিয়া পৰিলক্ষিত হৈছে ৷ কিন্তু ইয়াৰ পিচতো স্থানীয় জনপ্ৰতিনিধি তথা বন বিভাগে কোনো কাণসাৰ নিদিয়াৰ অভিযোগ উত্থাপন হৈছে ৷

বছৰৰ পিচত বছৰ ধৰি লেকু নদীয়ে পবাত খহনীয়াৰ সৃষ্টি কৰাৰ পিচতো বিভাগীয় কৰ্তৃপক্ষৰ পৰা সংৰক্ষণৰ বাবে কোনো গুৰুত্ব নিদিয়াত ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় ৰাইজ ৷ যদিহে অনতি পলমে বন বিভাগ তথা চৰকাৰে পবাৰ খহনীয়াৰ সংৰক্ষণৰ বাবে ব্যৱস্থা নলয়, তেনেহ’লে অনাগত সময়ত পবাৰ লেকু বিট নদীৰ বুকুত বিলীন হয় যাব বুলি আক্ষেপ কৰিছে স্থানীয় ৰাইজে ৷

লগতে পঢ়ক : Cheating with wife: ৰাইহানৰ বিয়াত অথন্তৰ; ৰভাতলীত সন্তানসহ উপস্থিত প্ৰথমা পত্নী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.