বুজন পৰিমাণৰ ড্ৰাগছসহ কাছাৰ আৰক্ষীৰ জালত সৰবৰাহকাৰী - Heroin seized in Cachar

By ETV Bharat Assamese Team

Published : Jun 27, 2024, 1:18 PM IST

thumbnail
বুজন পৰিমাণৰ ড্ৰাগছসহ কাছাৰ আৰক্ষীৰ জালত সৰবৰাহকাৰী (ETV Bharat Assam)

কাছাৰ, ২৭ জুন: ৰাজ্যত অব্যাহত ড্ৰাগছ বিৰোধী অভিযান । সমানে কাছাৰ আৰক্ষীয়েও প্ৰায় প্ৰতিদিনেই চলাই গৈছে ড্ৰাগছৰ বিৰুদ্ধে অভিযান । ড্ৰাগছ বিৰোধী অভিযানত পুনৰ বৃহৎ সাফল্য লাভ কৰে কাছাৰ আৰক্ষীয়ে । STF আৰু কাছাৰ আৰক্ষীৰ যুটীয়া অভিযানত জব্দ হয় ৯০০ গ্ৰাম হেৰ’ইন । গোপন সূত্ৰৰ পম খেদি কাছাৰৰ কৃষ্ণপুৰত কাছাৰ আৰক্ষী আৰু STF য়ে চলাইছিল এক অভিযান । অভিযান কালত AS-01-BY-7234 নম্বৰৰ এখন Wagoner বাহনত তালাচী চলোৱাত ৬৮ টা চাবোনৰ বাকচত প্ৰায় ৯০০ গ্ৰাম হেৰ’ইন জব্দ কৰিবলৈ সক্ষম হয় ।  

বুজন পৰিমাণৰ ড্ৰাগছসহ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে জমশেৰ মজুমদাৰ নামৰ এটা সৰবৰাহকাৰীক । ধৃত সৰবৰাহকাৰীটোৰ ঘৰ কাছাৰৰ বৰখলাত বুলি আৰক্ষীয়ে সদৰী কৰে । ইপিনে জব্দ হোৱা হেৰ’ইনখিনিৰ বজাৰ মূল্য ৪ কোটিৰ অধিক বুলি জানিবলৈ দিয়ে কাছাৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সুব্ৰত সেনে । লগতে তেওঁ জনায় যে, জব্দ হোৱা হেৰ’ইনখিনি চুবুৰীয়া ৰাজ্যৰ পৰা সৰবৰাহ কৰা হৈছিল ।

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.