ETV Bharat / state

কামাখ্যা মন্দিৰৰ ঐতিহ্য আৰু জনবিশ্বাস : ৰহস্যৰে ভৰা আধ্যাত্মিকতাৰ নীলাচল পাহাৰ - Ambubachi Mela 2024

author img

By ETV Bharat Assamese Team

Published : Jun 25, 2024, 4:42 PM IST

Shakti Peeth Kamakhya Temple : বিশ্বপ্ৰসিদ্ধ মা কামাখ্যা মন্দিৰ ৷ নীলাচল পাহাৰৰ বুকুত আধ্যাত্মিকতাৰ ৰহস্যৰে ভৰা এই কামাখ্যা মন্দিৰ ৷ য’ত পূজা কৰা হয় মাৰ যোনিক ৷ এই প্ৰতিবেদনত মা কামাখ্যা মন্দিৰৰ বিষয়ে এক অৱলোকন...

Shakti Peeth Kamakhya Temple
ৰহস্যৰে ভৰা আধ্যাত্মিকতাৰে ভৰা কামাখ্যা মন্দিৰ (ETV Bharat Assam)

গুৱাহাটী, ২৫ জুন : বিশ্ব প্ৰসিদ্ধ মা কামাখ্যা মন্দিৰত এতিয়া উখল-মাখল পৰিৱেশ । মহা অম্বুবাচী মেলা উপলক্ষে উদুলি-মুদুলি হৈ পৰিছে নীলাচল পাহাৰ । শনিবাৰৰ পৰা আৰম্ভ হোৱা অম্বুবাচী মেলাৰ শনিবাৰে নিশা সামৰণি পৰিল । বুধবাৰৰ পৰা পুনৰ আৰম্ভ হব নিত্য পূজা আৰু দেৱী দৰ্শন ৷

অম্বুবাচী মেলা উপলক্ষে দেশ-বিদেশৰ লাখ লাখ ভক্ত-দৰ্শনাৰ্থী আৰু সাধু-সন্ন্যাসীৰ সমাগমেৰে মুখৰ হৈ পৰিল নীলাচলৰ বুকু । বিশ্বপ্ৰসিদ্ধ এই মা কামাখ্যা মন্দিৰৰ ইতিহাসে যুগ যুগ ধৰি সকলোকে আকৰ্ষিত কৰি আহিছে ।

মা কামাখ্যা মন্দিৰৰ ইতিহাস (ETV Bharat Assam)

সময়ৰ লগে লগে মন্দিৰৰ পৰিসৰৰ ৰূপ সলনি হৈছে যদিও ইয়াৰ স্বকীয়তা আজিও অক্ষয় অৱস্থাত আছে । তাহানিৰ পৰা চলি অহা পৰম্পৰাৰেই মা কামাখ্যা মন্দিৰ পৰিচালিত হৈ আহিছে ।

শেহতীয়াকৈ অসম চৰকাৰে 'কামাখ্যা কৰিডৰ' নিৰ্মাণৰ বাবে এক অভিলাষী আঁচনি গ্ৰহণ কৰিছিল যদিও বৰ্তমান বিষয়টোত ন্যায়ালয়ে নিষেধাজ্ঞা জাৰি কৰিছে । লক্ষণীয় বিষয় যে কামাখ্যা মন্দিৰক লৈ তাহানিৰে পৰাই বিভিন্ন প্ৰবাদ চলি আহিছে ।

লগতে পঢ়ক : প্ৰৱঞ্চকৰ জালত নপৰিবলৈ ভক্তক আহ্বান কামাখ্যা দেৱালয় কৰ্তৃপক্ষৰ - Maa Kamakhya Temple

প্ৰবাদ যিয়েই নহওক কিয় এটা কথা চিৰন্তন সত্য যে মা কামাখ্যা মন্দিৰৰ আধ্যাত্মিক পৰিৱেশে সকলোকে দিয়ে মানসিক প্ৰশান্তি । যাৰ বাবে সকলো সময়তেই নীলাচল পাহাৰ ভক্তৰে মুখৰিত হৈ থাকে ।

Shakti Peeth Kamakhya Temple
কামাখ্যা মন্দিৰৰ ঐতিহ্য আৰু জনবিশ্বাস (ETV Bharat Assam)
  • কামাখ্যা মন্দিৰৰ কিছু আভাস :

গুৱাহাটী মহানগৰীৰ নীলাচল পাহাৰত অৱস্থিত হিন্দু ধৰ্মৰ এক প্ৰাচীন মন্দিৰ হৈছে এই কামাখ্যা মন্দিৰ । দেশৰ মুঠ ৫১ খন দেৱীপীঠৰ মাজৰ অন্যতম গুৰুত্বপূৰ্ণ পীঠ এই কামাখ্যা মন্দিৰ । কামাখ্যা দেৱীৰ এই মন্দিৰ অসমৰ সবাতোকৈ প্ৰসিদ্ধ আৰু জাগ্ৰত মন্দিৰ । অতি প্ৰাচীন কালৰে পৰাই অসমৰ ইতিহাসত কামাখ্যা মন্দিৰে অতিশয় গুৰুত্বপূৰ্ণ প্ৰভাৱ বিস্তাৰ কৰি আহিছে ।

কামাখ্যা মন্দিৰৰ নিৰ্মাণকৰ্তা হিচাপে প্ৰবাদ মতে নৰকাসুৰ আৰু ইতিহাস অনুসৰি কোচ নৃপতি মহাৰাজ বিশ্ব সিংহ, তেওঁৰ পুত্ৰ নৰনাৰায়ণ আৰু চিলাৰায়ৰ কথা জনা যায় । মন্দিৰৰ শেষৰ অংশ (নৃত্য-মণ্ডপ) আহোম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ দিনত সংযোজন কৰা হয় ।

Shakti Peeth Kamakhya Temple
ৰহস্যৰে ভৰা আধ্যাত্মিকতাৰ নীলাচল পাহাৰ (ETV Bharat Assam)
  • কামাখ্যা মন্দিৰ সন্দৰ্ভত ইতিহাস :

কোচ মহাৰাজ বিশ্ব সিংহই গুৱাহাটীৰ সমীপৰ নীলাচলত অৱস্থিত কামাখ্যাপীঠৰ উদ্ধাৰ সাধন কৰি তাতে কামাখ্যা মন্দিৰ নিৰ্মাণ কৰি দিছিল । কোৱা হয় যে, সেই পীঠৰ মন্দিৰ সৰ্বপ্ৰথম নিৰ্মাণ কৰিছিল নৰকাসুৰে । পিচলৈ এই পীঠ মাটিৰ তলত বিলুপ্তপ্ৰায় অৱস্থাত পতিত হৈ আছিল । সেই পৰ্বতৰ অধিবাসীসকলে সেই মাটিৰ স্তূপকেই দেৱস্থান বুলি মানি লৈ পূজা কৰিছিল ।

এবাৰ বিশ্ব সিংহ আৰু শিষ্য সিংহই নৈশ অভিযান কালত সৈন্যসকলৰ পৰা বিচ্ছিন্ন হৈ পৰে আৰু পথ হেৰুৱাই বিভিন্ন স্থানত ঘূৰি পকি অৱশেষত নীলাচল পাহাৰত উপস্থিত হয়গৈ । তেওঁলোকে তাতে মাটিৰ এক স্তূপৰ কাষত গছৰ শিপাত বহি থকা এগৰাকী বৃদ্ধাৰ পৰা জানিব পাৰিলে যে সেই স্তূপটো পুৰণি অধিবাসীসকলৰ দেৱস্থান ।

Shakti Peeth Kamakhya Temple
সাধু-সন্ন্যাসীৰ আৰাধনা থলি এই কামাখ্যা মন্দিৰ (ETV Bharat Assam)

লগতে পঢ়ক : অম্বুবাচী মেলা : সাধুৰ সেৱাত ব্ৰতী এগৰাকী ব্যক্তি - Ambubachi Mela 2024

ৰজাই সেই পীঠস্থানতে তেওঁৰ সৈন্য বাহিনীৰ সৈতে মিলনৰ অৰ্থে পূজা অৰ্চনা আগবঢ়াই আৰু তেওঁৰ মনোবাঞ্ছা পূৰণ হয় । সেই কাৰ্যৰ পাচত ৰজাই সেই স্থানৰ মহত্ব দেখি আচৰিত হৈ পৰে আৰু তেওঁ তাতেই স্বৰ্ণ মন্দিৰ নিৰ্মাণ কৰি দিম বুলি সংকল্পবদ্ধ হয় ।

পিচত সেই স্থানৰ খননত তাত এক প্ৰাচীন মন্দিৰৰ অৱশেষ উদ্ধাৰ হয় । ৰজাই সেই ভগ্নাৱশেষৰ ওপৰতে এক নতুন মন্দিৰ নিৰ্মাণ কৰি দিছিল আৰু প্ৰতিটো ইটাত এক ৰতি সোণ প্ৰদান কৰিছিল বুলি জনশ্ৰুতি আছে । পিচত আকৌ ১৫৫৩ চনত মুছলমান সেনাপতি কালাপাহাৰে কামৰূপ আক্ৰমণ কৰি কামাখ্যা মন্দিৰ ধ্বংস কৰে । তাৰ পিচতে এই মন্দিৰ পুনৰ নিৰ্মাণ কৰে বিশ্বসিংহৰ পুত্ৰ কোচ নৃপতি মহাৰাজ নৰনাৰায়ণ আৰু তেওঁৰ ভাতৃ চিলাৰায়ে ।

  • কামাখ্যা মন্দিৰৰ উৎপত্তি সন্দৰ্ভত কালিকা পুৰাণৰ আখ্যান :

দক্ষৰ জীয়াৰী সতীয়ে পিতৃৰ মতৰ বিৰুদ্ধে গৈ মহাদেৱ শিৱৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল । এবাৰ দক্ষই এটা মহাযজ্ঞৰ আয়োজন কৰিছিল । কিন্তু সেই যজ্ঞত জোৱায়েক মহাদেৱক নিমন্ত্ৰণ কৰা নাছিল । তথাপিও সতীয়ে বিনা নিমন্ত্ৰণে পিতৃৰ যজ্ঞস্থলীত উপস্থিত হৈছিল ।

জীয়েকক দেখি দক্ষৰ খঙে চুলিৰ আগ পালে আৰু মহাদেৱক ভৰ্ৎসনা কৰিবলৈ ধৰিলে । স্বামীৰ অপমান সহিব নোৱাৰি সতীয়ে যজ্ঞস্থলীতে প্ৰাণত্যাগ কৰিছিল । পত্নীৰ বিয়োগত মহাদেৱ দিশহাৰা হৈ পৰে আৰু সতীৰ মৃতদেহ কান্ধত তুলি লৈ তাণ্ডৱ বা ধ্বংসৰ নৃত্য পৰিৱেশন কৰে ।

শিৱৰ এই তাণ্ডৱলীলাত বিশ্বব্ৰহ্মাণ্ড ধ্বংস হৈ যোৱাৰ উপক্ৰম হোৱাত ভগৱান বিষ্ণুৱে নিজৰ সুদৰ্শন চক্ৰৰে দেৱী মাৰ শৰীৰক ৫১ টা ভাগত বিভক্ত কৰি হতাশ আৰু ক্ৰোধিত ভগৱান মহাদেৱৰ পৰা বিশ্ব ব্ৰহ্মাণ্ডক ৰক্ষা কৰে ।

Shakti Peeth Kamakhya Temple
বিশ্ব প্ৰসিদ্ধ মা কামাখ্যা মন্দিৰ (ETV Bharat Assam)

দেৱী মাৰ শৰীৰৰ প্ৰতিটো অংশ ভাৰতৰ বিভিন্ন অঞ্চলত পৰিছিল, যিবোৰ শক্তিপীঠ নামেৰে জনাজাত । সতীৰ দেহৰ বিভিন্ন অংগ বিভিন্ন ঠাইত পৰাত সেই সেই ঠাইত একোখন দেৱীপীঠৰ সূচনা হৈছিল । নীলাচল পাহাৰত সতীৰ যোনিভাগ পৰিল আৰু তাত কামাখ্যা দেৱীৰ মন্দিৰ প্ৰতিষ্ঠা হ'ল । য’ত ভক্তসকলে কামাখ্যা মন্দিৰ দেৱীক উৎসৰ্গা কৰি নিৰ্মাণ কৰিছিল ।

লগতে পঢ়ক : তিনিবাৰকৈ মা কামাখ্যাৰ সাক্ষাৎ লাভৰ দাবী নীলাচললৈ অহা সাধুৰ - Ambubachi Mela 2024

ষোড়শ শতিকাৰ আৰম্ভণিতে কামাখ্যাৰ মন্দিৰটো এবাৰ ধ্বংস কৰি কোচ বিহাৰৰ ৰজাই পুনৰ নিৰ্মাণ কৰা বুলিও বিশ্বাস কৰা হয় আৰু ইয়াক যথেষ্ট অনন্যভাৱে ৰূপাংকন কৰিছিল । মন্দিৰত চাৰিটা প্ৰাৰ্থনা কক্ষ আছে । সেইকেইটা হৈছে গৰ্বাগ্ৰীহা, কলান্ত, পঞ্চৰত্ন আৰু নটামন্দিৰমং ।

প্ৰথম আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কক্ষটোৱে মন্দিৰৰ পবিত্ৰ স্থানলৈ লৈ যায় ৷ যিটো এটা গুহাৰ আকৃতিৰ । কক্ষটোত দেৱীৰ মূৰ্তি বা প্ৰতিমূৰ্তি নাথাকে ।

  • কামাখ্যা মন্দিৰৰ নৰকাসুৰ আখ্যান :

প্ৰবাদ অনুসৰি প্ৰাগজ্যোতিষাধিপতি কিৰাট বংশীয় নৰকাসুৰ কামাখ্যা দেৱীৰ পৰম ভক্ত আছিল আৰু নৰকাসুৰেই নীলাচল পাহাৰত প্ৰথম এই মন্দিৰ প্ৰতিষ্ঠা কৰিছিল । প্ৰবাদ আছে যে এবাৰ নৰকাসুৰে কামাখ্যা দেৱীৰ দৰ্শন পালে । দেৱীৰ স্বৰ্গীয় সৌন্দৰ্যত নৰকাসুৰৰ মতিভ্ৰম হয় ।

নৰকাসুৰে দেৱীক বিবাহৰ প্ৰস্তাৱ আগবঢ়ায় । যিটো কোনো কাৰণতে সম্ভৱ নহয় আৰু সেই কথা দেৱীয়ে নৰকাসুৰক অৱগত কৰে । কিন্তু নৰকাসুৰ নাচোৰবান্দা হৈ থকাত কামাখ্যা দেৱীয়ে নৰকাসুৰৰ পৰা পৰিত্ৰাণ পাবলৈ বুদ্ধি এটা সাজিলে ।

দেৱীয়ে ক'লে যে নৰকাসুৰে যদি মন্দিৰ দৰ্শনাৰ্থীসকলৰ সুবিধাৰ্থে নীলাচল পাহাৰৰ নামনিৰ পৰা মন্দিৰলৈ একে নিশাৰ ভিতৰতে এটা শিলৰ খটখটি সাজি দিয়ে, তেন্তে দেৱীয়ে নৰকাসুৰৰ সৈতে বিয়াত বহিবলৈ সাজু আছে ।

দেৱীয়ে ভাবিছিল নৰকাসুৰে এই কাম কোনো পৰিস্থিতিতে কৰিব নোৱাৰিব । কিন্তু দেৱীৰ ধাৰণাক ভুল প্ৰমাণিত কৰি নৰকাসুৰে নিশা শেষ হোৱাৰ আগেয়ে খটখটি নিৰ্মাণৰ কাম শেষ হোৱাৰ দিশে অগ্ৰসৰ হয় । পৰিস্থিতিৰ কথা উপলব্ধি কৰি কামাখ্যা দেৱীয়ে কৌশলপূৰ্ণভাৱে কুকুৰাৰ যোগেদি ডাক দিয়াই নিশাতেই পুৱা কৰে ।

Shakti Peeth Kamakhya Temple
মা কামাখ্যা মন্দিৰ (ETV Bharat Assam)

লগতে পঢ়ক : চকলেট বিতৰণ কৰি প্ৰতিগৰাকী ভক্তক কামাখ্যালৈ আদৰিছে চকলেট বাবাই - Ambubachi Mela 2024

নিশা শেষ নোহোৱাকৈ কুকুৰাই ডাক দিয়াত দেৱীয়ে নৰকাসুৰক ক'লে যে কুকুৰাই ডাক দিলে আৰু ৰাতি পুৱাল । কথা মতে নৰকাসুৰে চৰ্ত পূৰণ কৰিব নোৱাৰিলে । যাৰ ফলত খঙত অগ্নিশৰ্মা হৈ নৰকাসুৰে খেদি খেদি গৈ বৰ্তমানৰ কুকুৰাকটা নামৰ ঠাইখিনিত মায়াৱী কুকুৰাটো দুচেওকৈ কাটি পেলায় ।

দেৱীক বিয়া কৰোৱাৰ মানসেৰে নৰকাসুৰে নিৰ্মাণ কৰা বুলি প্ৰবাদ থকা মেখেলা উজোৱা নামৰ শিলৰ খটখটিটো আজিও কামাখ্যা মন্দিৰত বিৰাজমান । এই ঘটনাৰ পাচত দেৱকুলৰ সৈতে নৰকাসুৰৰ সংঘাত আৰম্ভ হয় । নৰকাসুৰৰ অত্যাচাৰে সীমা অতিক্ৰম কৰাত অৱশেষত ভগৱান কৃষ্ণই নৰকাসুৰক বধ কৰি তেওঁৰ পুত্ৰ ভগদত্তক প্ৰাগজ্যোতিষৰ সিংহাসন অৰ্পণ কৰে ।

  • অম্বুবাচী মেলাৰ ইতিহাস আৰু তাৎপৰ্য :

অম্বুবাচী মেলা হৈছে গুৱাহাটীৰ কামাখ্যা মন্দিৰত আয়োজন কৰা বাৰ্ষিক মেলা । নীলাচল পাহাৰৰ ওপৰত অৱস্থিত মা কামাখ্যা মন্দিৰ অসমৰ অন্যতম বিখ্যাত পৰ্যটনস্থলী । কামাখ্যা মন্দিৰ ৫১ টা শক্তিপীঠৰ ভিতৰত অন্যতম আৰু এই স্থানত শক্তিৰ যৌনাংগ পৰিছিল বুলি প্ৰবাদ আছে ।

Shakti Peeth Kamakhya Temple
অম্বুবাচী মেলা (ETV Bharat Assam)

অম্বুবাচী এটা হিন্দু ধৰ্মীয় উৎসৱ আৰু ঋতুৰ সেই সময়খিনি যেতিয়া মাতৃ প্ৰকৃতি বা কামাখ্যাৰ মন্দিৰত বাস কৰা মাতৃ দেৱীৰ ঋতুস্ৰাৱ হয় । এই সময়ত মন্দিৰৰ দেৱী কামাখ্যাই বাৰ্ষিক ঋতুচক্ৰৰ মাজেৰে পাৰ হৈ যায় বুলি বিশ্বাস কৰা হয় ।

পূব ভাৰতৰ আটাইতকৈ উল্লেখযোগ্য উৎসৱসমূহৰ ভিতৰত অন্যতম । ইয়াত দেৱীক মূৰ্তি হিচাপে নহয় যোনি সদৃশ শিলত পূজা কৰা হয় । এইদৰে প্ৰতিবছৰে অম্বুবাচী বা দেৱীৰ ঋতুস্ৰাৱৰ সময়ত ইয়াত বহু সংখ্যক ভক্তই ধৰ্মীয় ৰীতি-নীতি সম্পাদন কৰিবলৈ সমবেত হয় ।

জুন মাহত ৪ দিন ধৰি কামাখ্যা মন্দিৰৰ সমীপত মেলা অনুষ্ঠিত কৰা হয় । এই মেলাৰ আন এটা নাম হ’ল আমেতি বা তান্ত্ৰিক উৰ্বৰতা উৎসৱ ৷ য’ত বহু তান্ত্ৰিক তপস্বীয়ে বাৰ্ষিক মেলাত ৰাজহুৱাভাৱে উপস্থিত থাকে আৰু আনহাতে বছৰৰ বাকী সময়খিনি তেওঁলোকে বিচ্ছিন্নভাৱে বাস কৰে । এই উৎসৱত বিভিন্ন তান্ত্ৰিক ৰীতি-নীতি পালন কৰা হয় ।

অম্বুবাচীৰ প্ৰবৃত্তিৰ লগে লগে কামাখ্যা ধামৰ দুৱাৰ বন্ধ ৰখা হয় । ফলস্বৰূপে সেইকেইদিন দেৱী দৰ্শন নিষিদ্ধ থাকে । চতুৰ্থ দিনত মন্দিৰ খোলাৰ লগে লগে দেৱীৰ স্নান, পূজা, প্ৰভৃতি সমাপন হোৱাৰ পৰাহে দৰ্শনাৰ্থীয়ে দেৱীক দৰ্শন কৰিব পাৰে । পূব ভাৰতৰ দৰে অন্যান্য প্ৰান্তৰ দৰে কামাখ্যা ধামৰো ব্ৰাহ্মণ বিধৱাসকলে অম্বুবাচী প্ৰবৃত্তিৰ পৰা নিবৃত্তিৰ পাচতো দেৱীৰ ভোগ শেষ নোহোৱা পৰলৈকে ফলাহাৰ গ্ৰহণ কৰি থাকে । সেই কেইদিন সৰ্প ভয় নিবাৰণৰ বাবে দুগ্ধপান কৰে ।

আনহাতে দেশ-বিদেশৰ লাখ লাখ ভক্তই তিনিওদিন কামাখ্যা মন্দিৰৰ চৌপাশে থাকি নাম-কীৰ্তন কৰে । মন্দিৰৰ বাহিৰতে ধূপ-দীপ জ্বলাই দেৱীক প্ৰণাম জনায় । অম্বুবাচীৰ নিবৃত্তিৰ দিনা পাণ্ডাসকলে ভক্তসকললৈ আগবঢ়ায় ৰক্তবস্ত্ৰ । দেৱীপীঠৰ পৰা অনা এই ৰক্তবস্ত্ৰ শৰীৰত ধাৰণ কৰিলে অভীষ্ট সিদ্ধি হোৱাৰ সম্ভাৱনা প্ৰবল বুলি জনবিশ্বাস আছে । সেইবাবে পুৰুষে সেই ৰক্তবস্ত্ৰ সোঁহাতত বা ডিঙিত আৰু মহিলাসকলে বাওঁহাত বা ডিঙিত ধাৰণ কৰে ।

লগতে পঢ়ক : মা-কামাখ্যাৰ আশিস বিচাৰি নীলাচলৰ বুকুত ভক্তৰ ভিৰ; শংখ-ঘন্টাধ্বনিৰে মুখৰিত চৌপাশ - Ambubachi Mela 2024

এই কাপোৰ লগত ৰাখি আন ঠাইত জপ কৰিলেও মনৰ কামনা পূৰণ হোৱাৰ কথা আখ্যানত আছে । জনবিশ্বাস অনুসৰি পূৰ্বে অম্বুবাচীৰ প্ৰবৃত্তিৰ সময়ত মন্দিৰৰ মূল দুৱাৰ নিজে নিজে বন্ধ হৈ গৈছিল আৰু নিবৃত্তিৰ পাছত নিজে নিজে খোল খাই গৈছিল । আনহাতে প্ৰৱাহিত পানীও ৰঙা হৈছিল বুলি প্ৰবাদ আছে ।

  • অম্বুবাচী মেলাৰ আন কিছু দিশ :

'অম্বুবাচী' মানে 'পানীৰ সৈতে কথা কোৱা' । ইয়াৰ অৰ্থ হ’ল এই মাহত আশা কৰা বৰষুণে মাটিক প্ৰজননৰ বাবে উৰ্বৰ কৰি তুলিব । এই সময়ত দৈনিক পূজা কৰাৰ অনুমতি নাই । হাল বোৱা, বীজ সিঁচা, শস্য ৰোপণ আদি কৃষি কামো নিষিদ্ধ । ভক্তসকলে ৰন্ধা খাদ্য খোৱাৰ পৰা বিৰত থাকে ।

আনহাতে ব্যৱহৃত বাচন-বৰ্তন আৰু কাপোৰ চতুৰ্থ দিনা পানী ছটিয়াই ধুই প্ৰতীকীভাৱে শুদ্ধ কৰা হয় । চাফাই ৰীতি-নীতিৰ পাচত দেৱীৰ পূজা কৰা হয় আৰু যেতিয়া মন্দিৰত প্ৰৱেশ কৰাটো শুভ হয় । অম্বুবাচী মেলাৰ সময়ত ভক্তসকলৰ বাবে পৃথিৱী মাতৃৰ ‘ঋতুস্ৰাৱ’ সুলভ হৈ পৰে ।

শুভ সময় বুলি গণ্য কৰা এই সময়ছোৱাত মহিলাসকলে উৰ্বৰতাৰ বাবে প্ৰাৰ্থনা কৰে । যিহেতু এইটো এটা হিন্দু ধৰ্মীয় পৰম্পৰা যিটো উৎসৱৰ জৰিয়তে পালন কৰা হয় ৷ গতিকে ইয়াৰ লগত কিছুমান গুৰুত্বপূৰ্ণ ৰীতি-নীতি সংলগ্ন হৈ আছে ।

  • অম্বুবাচীত শক্তিৰ আৰাধনা :

এই উৎসৱ শক্তিৰ ৰীতি-নীতিৰে পালন কৰা হয় । শক্তি পৰম্পৰাৰ অনুগামীসকলে এই স্থানলৈ আহে আৰু তপস্যাত নিমগ্ন হয় । ৰহস্যৰে আবৃত্ত নীলাচল পাহাৰত তন্ত্ৰ-মন্ত্ৰৰ সাধনা সিদ্ধিৰ বাবে অগণন লোকৰ আগমন হয় । অম্বুবাচী মেলাই কেইদিনত মন্দিৰ চৌহদত অৱস্থান কৰে দেশ-বিদেশৰ বহু সাধু-সন্ন্যাসী তথা তান্ত্ৰিকে । মেলাৰ কেইদিনত সাধকৰ সাধনাৰে নীলাচল পাহাৰ মুখৰ হৈ পৰে ।

লগতে পঢ়ক : কামাখ্যাত অম্বুবাচী মেলা : নীলাচল পাহাৰত বিভিন্ন ৰাজ্যৰ সাধু-সন্ন্যাসী - Ambubachi Mela 2024

লৌকিক-অলৌকিক বহু কাৰ্যকলাপ এই সময়ছোৱাত দেখিবলৈ পোৱা যায় । অম্বুবাচী উৎসৱৰ চতুৰ্থ দিনা মা কামাখ্যাৰ ঋতুচক্ৰ সম্পূৰ্ণ হোৱা দিনত মন্দিৰৰ পুৰোহিতসকলে গৰ্ভগৃহৰ বিধি স্নান কৰে । ইয়াৰ পিছত ভক্তসকলে দেৱীৰ আশীৰ্বাদ বিচাৰিবলৈ মন্দিৰ মুকলি কৰা হয় ।

এক পৰম তান্ত্ৰিক পূজা কেন্দ্ৰ হোৱাৰ বাবে কামাখ্যা মন্দিৰত তান্ত্ৰিক সমাজ আছে, যিয়ে বহু উল্লেখযোগ্য পূজা সম্পন্ন কৰে । সকলো ৰীতি-নীতি গোপনে পৰিচালিত হয় আৰু সেইবোৰত কেৱল দীক্ষিতসকলেহে অংশগ্ৰহণ কৰে । এনেদৰে ঐতিহ্যমণ্ডিত অম্বুবাচী মেলা উদযাপন কৰা হয় ।

  • নীলাচল পাহাৰৰ আন কেতবোৰ দিশ :

একান্ত ধৰ্ম সাধনাত ব্ৰতী হোৱা দেশ-বিদেশৰ অলেখ অঘৰী, সাধু-সন্ন্যাসীৰ বাবে পবিত্ৰ তীৰ্থস্থল নীলাচল পাহাৰৰ ৰহস্যই আজিও বহুতৰ মনত অলেখ কৌতূহলৰ সৃষ্টি কৰে । ব্ৰহ্মাণ্ডৰ সকলোতকৈ ডাঙৰ শক্তি, যি আদি আৰু অন্তৰ দেৱী মা সতী আৰু ভগৱান শিৱৰ প্ৰেমৰ আৰম্ভণি হৈছিল ইয়াতেই ।

দেৱী সতী আৰু ভগৱান শিৱৰ এই ৰহস্যই অগণন ভক্তিপ্ৰাণ লোকক আজিও আলোড়িত কৰে । তন্ত্ৰ সাধনাৰ কেন্দ্ৰ হোৱা বাবেই বাৰ্ষিক অম্বুবাচী মেলাত বিশ্বৰ বিভিন্ন প্ৰান্তৰ লোকৰ সমাগম হয় ।

বলি প্ৰথাৰ প্ৰচলন আৰু মন্ত্ৰ-তন্ত্ৰ পদ্ধতিয়ে আজিও মা কামাখ্যা দেৱী শক্তিপীঠক বহুতৰ বাবে শক্তিৰ উপাসনা স্থললৈ পৰ্যৱসিত কৰিছে । নীলাচল পাহাৰত মা কামাখ্যাৰ মূল মন্দিৰৰ লগতে আছে ভূৱনেশ্বৰী, বগলামুখী, ছিন্নমস্তা, ত্ৰিপুৰা সুন্দৰী, তাৰা, কালী, ভৈৰৱী, ধূমাৱতী, মাতংগী আৰু কমলা ।

মা কামাখ্যা শক্তিপীঠৰ মুখ্য দুৱাৰৰ বাহিৰতে এই অনন্ত দশ দেৱীৰ মূৰ্তিৰ পূজা-অৰ্চনা কৰা হয় । নীলাচল পাহাৰৰ অপৰূপ সৌন্দৰ্যৰ মাজত অৱস্থিত মা কামাখ্য দেৱীৰ মন্দিৰটো তিনিটা খণ্ডত বিভক্ত ।

লগতে পঢ়ক : মা কামাখ্যাৰ আশীষ ল’বলৈ ভক্তৰ ভিৰ - Ambubachi Mela 2024

বিশেষ আশ্চৰ্যজনক এয়ে যে এই তিনিটা খণ্ডৰ এটা পাথৰৰ পৰা প্ৰতি মুহূৰ্তত অহৰহ পানী নিগৰিত হৈ থাকে । মূল প্ৰৱেশদ্বাৰৰ লগতে আছে তিনিখন দুৱাৰ । অৰ্থাৎ পূৰ্ব দুৱাৰত গণেশ, নন্দী আৰু হনুমন্ত, পশ্চিম দুৱাৰত ভৃংগী, উত্তৰ আৰু দক্ষিণত মহাকাল সৰ্বদা থাকে ।

এওঁলোকে দেৱীক সদায়েই সুৰক্ষিত হৈ থকাত জাগ্ৰত প্ৰহৰী হৈ থাকে । নীলাচল পাহাৰত কামাখ্যা দেৱালয়ৰ উপৰি ১৩ টা অন্যান্য মন্দিৰো আছে । তাৰে ভিতৰত তাৰা মন্দিৰ, কালী মন্দিৰ, ভুৱনেশ্বৰী মন্দিৰ, সিদ্ধেশ্বৰ মন্দিৰ, গণেশ মন্দিৰ, পাণ্ডুনাথ মন্দিৰ আদি প্ৰসিদ্ধ ।

বিশেষ আশ্চৰ্যজনক যে কামাখ্যা মন্দিৰৰ মূল ভক্তিগৃহত কামাখ্যা দেৱীৰ কোনো মূৰ্তি নাই । তাত এক পাথৰকহে আৰাধনা কৰা হয় । পাহাৰৰ মাটিৰ পৰা ২০ ফুট তলত থকা এটা গুহাত অৱস্থিত কামাখ্যা শক্তিপীঠ ।

মন্দিৰৰ পূজাৰী কবীন্দ্ৰ শৰ্মাৰ মতে মন্দিৰৰ লগতে থকা সৌভাগ্য কুন্দত নিজৰ পাপ ধুই নিকা কৰিবলৈ স্নান কৰি প্ৰথমে ভক্তিপ্ৰাণ লোকে সন্মুখতে থকা প্ৰভূ গণেশক পূজা কৰে আৰু ইয়াৰ পাচতেই মন্ত্ৰ জপ কৰি মূল গৃহত প্ৰৱেশ কৰে । তেখেতৰ মতে ভক্তৰ মনোকামনা মা কামাখ্যাই পূৰ্ণ কৰে বুলি জনবিশ্বাস ।

আদিশক্তি মা কামাখ্যা মন্দিৰত যোনী পূজা কৰা হয় আৰু এই যোনি পূজাক লৈ বহুতৰ মনত আজিও বহু কৌতূহলতাৰ প্ৰশ্ন আনে । প্ৰতি অম্বুবাচী মেলাত সৃষ্টিৰ যোনিস্থান দৰ্শন কৰিবলৈ লাখ লাখ সাধু, সন্ন্যাসী, অঘৰী, তান্ত্ৰিক আৰু ভক্তিপ্ৰাণ লোকৰ সমাৱেশ হয় ।

এইবাৰো অম্বুবাচী মেলাত লাখ লাখ ভক্ত-দৰ্শনাৰ্থীৰ সমাগম হৈছে আৰু যিয়ে নীলাচল পাহাৰক অনন্য মাত্ৰা প্ৰদান কৰিছে ।

লগতে পঢ়ক : আমাকো এধানি মৰম দিয়ক ! কামাখ্যা ধামৰ পৰা মৰম আকলুৱা মোহিনীৰ আহ্বান - Ambubachi 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.