massive fire broke out:বিচনাতেই জুইত ছাই হৈ গ’ল এটি দেৱশিশু - massive fire broke out one died
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/27-09-2023/640-480-19624169-thumbnail-16x9-fire.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Sep 27, 2023, 9:34 PM IST
কলগাছিয়া, 26 ছেপ্টেম্বৰ : কলগাছিয়াৰ গলিয়াত জুইত জাহ গ’ল তিনি বছৰীয়া শিশু । লগতে সম্পূৰ্ণৰূপে ভস্মীভূত হয় দুটাকৈ বাসগৃহ ৷ ঘৰত থকা সকলো নথি-পত্ৰ ছাই হৈ গ’ল । ঘটনাটোক কেন্দ্ৰ কৰি অঞ্চলজুৰি শোকৰ ছাঁ ।
বৰপেটা জিলাৰ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত গলিয়াত দুটাকৈ বাসগৃহৰ লগতে তিনিবছৰীয়া শিশু এটি সম্পূৰ্ণৰূপে ভস্মীভূত হয় । আনুমানিক প্ৰায় পাঁচ লাখ টকাৰ সা-সম্পত্তি, এক লাখ টকা নগধ ধন আৰু নথি-পত্ৰ সম্পূৰ্ণৰূপে জাহ যায় জুইত । জানিব পৰা মতে, ৰফিক ইছলামৰ কনিষ্ঠ পুত্ৰ ৰেজাউল কৰিম শুই থকা অৱস্থাতে হঠাৎ ৰন্ধন গেছৰ পৰা ঘৰত জুই লাগে ৷ জুইৰ লেলিহান শিখাই আৱৰি ধৰে ঘৰ আৰু ঘৰৰ সা-সামগ্ৰীৰ লগতে ৰেজাউলো সম্পূৰ্ণৰূপে জুইত শেষ হৈ যায় ।
প্ৰাপ্ত তথ্য মতে, চিলিণ্ডাৰৰ পৰা জুইৰ সূত্ৰপাত হয় ৷ দুটাকৈ বাসগৃহৰ লগতে ৰেজাউল কৰিম নামৰ দেৱশিশুটিৰ মৃত্যুত সকলোৱে উচুপি উঠিছে ৷ পৰৱৰ্তী সময়ত হাউলী আৰক্ষী উপস্থিত হৈ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে বৰপেটা চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে । এই অনাকাংক্ষিত শোকাকুল ঘটনাৰ বাবে বৃহত্তৰ অঞ্চলব্যাপি শোকৰ ছাঁ পৰিছে ৷
লগতে পঢ়ক : massive fire broke out:কলগাছিয়া বজাৰত ভয়ংকৰ অগ্নিকাণ্ড