Fire breaks out: GS ৰোডৰ চিলভাৰ স্কোৱেৰত ভয়ংকৰ অগ্নিকাণ্ড - ভয়ংকৰ অগ্নিকাণ্ড
🎬 Watch Now: Feature Video
গুৱাহাটী, ১৯ জুলাই : GS ৰোডৰ চিলভাৰ স্কোৱেৰত পুনৰ ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে ৷ বুধবাৰে বিয়লি এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় ৷ পাৰ্কিঙত হোৱা অগ্নিকাণ্ডৰ ফলত বিল্ডিংটো সম্পূৰ্ণৰূপে ধোঁৱাই চানি ধৰে ৷ ফলত সমগ্ৰ বিল্ডিংটোত আতংকময় পৰিৱেশৰ সৃষ্টি হয় ৷ অগ্নিকাণ্ডৰ সময়ছোৱাত বিল্ডিংটোত থকা বিভিন্ন প্ৰতিষ্ঠানৰ কাৰ্যালয়সমূহৰ কাম কাজ স্থবিৰ হৈ পৰে ৷
ইলেক্ট্ৰনিক পেনেলত অগ্নিকাণ্ড হোৱাত বিল্ডিংটোত বিদ্যুত সংযোগ বিচ্ছিন্ন হয় ৷ বিদ্যুৎসংযোগ কৰ্তন কৰাৰ ফলত বিল্ডিংটো অন্ধকাৰত ডুব যায় ৷ লগে লগে ঘটনাস্থলীত কেইবাখনো অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ জুই নুমুৱাবলৈ চেষ্টা অব্যাহত ৰাখিছে ৷
উল্লেখ্য যে চিলভাৰ স্কোৱেৰত চলিত বৰ্ষৰ 11 ফেব্ৰুৱাৰীতো এক অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছিল ৷ এই অগ্নিকাণ্ডত পাৰ্কিঙত ৰখাই থোৱা এখন বাহন ভস্মীভূত হৈছিল ৷
লগতে পঢ়ক: Dilapidated road in Tingkhong: ৬ বছৰে সম্পূৰ্ণ নহ'ল টিংখাঙৰ এটা গুৰুত্বপূৰ্ণ পথ