Fire in Margherita: মাৰ্ঘেৰিটাত বিধ্বংসী অগ্নিকাণ্ড, ১০ টাকৈ ভাড়াঘৰ ভস্মীভূত - Fire incident in Margherita
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/02-11-2023/640-480-19924624-thumbnail-16x9-margherita-aspera.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Nov 2, 2023, 6:52 PM IST
তিনিচুকীয়া,২ নৱেম্বৰ: তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা ভিনিয়াৰ মিলত বৃহস্পতিবাৰে বিয়লিৰ ভাগত সংঘটিত হয় এক বিধ্বংসী অগ্নিকাণ্ড । জাকিৰ খান নামৰ ব্যক্তিজনৰ ভাড়াঘৰত সংঘটিত হয় অগ্নিকাণ্ড ৷ অগ্নিকাণ্ড ইমানেই বিধ্বংসী আছিল যে নিমিষতে ১০ টাকৈ ভাড়াঘৰ এই সম্পূৰ্ণ ভস্মীভূত হয় । অগ্নিকাণ্ডত কেইবালাখ টকাৰ সা-সম্পত্তি জাহ যোৱাৰ বুলি জানিবলৈ দিয়ে ভুক্তভোগী লোকসকলে ।
অগ্নিকাণ্ডটোৰ সূত্ৰপাত কেনেদৰে সংঘটিত হ’ল এইপৰ্যন্ত জানিব পৰা হোৱা নাই যদিও বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ পৰাই জুইৰ সূত্ৰপাত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ।পৰৱৰ্তী সময়ত ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ অগ্নিনিৰ্বাপন কৰে যদিও ১০ টাকৈ ভাড়াঘৰ সম্পূৰ্ণ জুইত জাহ যায় । সমগ্ৰ ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ।
লগতে পঢ়ক: Fire in Bamunimaidam: বামুনীমৈদামৰ ডাম্পিং গ্ৰাউণ্ডত অগ্নিকাণ্ড