Massive fire breaks out in Dhemaji: ধেমাজি চহৰৰ মাজমজিয়াত ভয়ংকৰ অগ্নিকাণ্ড, কোটি টকাৰ সামগ্ৰী ভস্মীভূত - Massive Fire Break Out at Dhemaji Town
🎬 Watch Now: Feature Video


Published : Oct 31, 2023, 5:32 PM IST
ধেমাজি, 31 অক্টোবৰ : মঙলবাৰে ধেমাজি নগৰৰ মাজমজিয়াত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয় ৷ ধেমাজি জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখৰ দৈনিক বজাৰত জুইৰ সূত্ৰপাত হয় ৷ আজি দুপৰীয়াৰ ভাগত সংঘটিত হোৱা অগ্নিকাণ্ডত বজাৰখনৰ কেইবাটাও গুদামৰ লগতে প্ৰায় 40 খন দোকানৰ সা-সম্পত্তি জুইত জাহ যায় বুলি জানিব পৰা গৈছে ৷
শ্বৰ্ট চাৰ্কিটৰ ফলতে এই জুইৰ সূত্ৰপাত হোৱাৰ আশংকা কৰিছে ৰাইজে ৷ আনহাতে জুই ইমানেই বিধ্বংসী আছিল যে, ধেমাজিৰ লগতে গোগামুখ, চিলাপথাৰ, লিকাবালিৰ পৰা অহা অগ্নিনিৰ্বাপক বাহিনীৰ কেইবাখনো বাহন ঘটনাস্থলীত উপস্থিত হয় ৷ কেইবাখনো অগ্নিনিৰ্বাপক বাহিনীৰ কেইবা ঘন্টা ধৰি চলোৱা চেষ্টাৰ ফলতহে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় ৷ ৰাইজৰ অভিযোগ অনুসৰি, ঘটনাস্থলীলৈ অগ্নিনিৰ্বাপক বাহিনী বহু পলমকৈ অহাৰ বাবে পৰিস্থিতি অধিক ভয়াবহ হৈ পৰে ৷
লগতে পঢ়ক:NHPC Big Dam Impact : বৃহৎ নদীবান্ধৰ বিভীষিকাৰ প্ৰসংগত 1950ৰ কথা সুঁৱৰিলে জ্যেষ্ঠ সাংবাদিকে