Fire Incident: টিংখাঙত দেৱালীৰ আনন্দ-উলাহৰ মাজতে ভয়ংকৰ অগ্নিকাণ্ড - ভয়ংকৰ অগ্নিকাণ্ড
🎬 Watch Now: Feature Video


Published : Nov 12, 2023, 10:44 PM IST
ডিব্ৰুগড়, 12 নৱেম্বৰ : দেৱালীৰ আনন্দ উলাহৰ মাজতে টিংখাঙত সংঘটিত হ’ল এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা ৷ টিংখাঙৰ 3 নং চপাতলি গাঁৱত সংঘটিত হৈছে এই অগ্নিকাণ্ডৰ ঘটনা ৷ এই ঘটনাত নিমিষতে জ্বলি ছাই হৈ যায় এটা ঘৰ ৷
অগ্নিকাণ্ডৰ ফলত গাঁওখনৰ নিৰঞ্জন ওৰাং নামৰ ব্যক্তিজনৰ বাসগৃহ সম্পূৰ্ণৰূপে জ্বলি ভস্মীভূত হয় ৷ মাটিৰ চাকিৰ পৰাই অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি জানিব পৰা গৈছে ৷ এই অগ্নিকাণ্ডৰ ফলত নিৰঞ্জন ওৰাঙৰ ঘৰৰ সকলো সা-সামগ্ৰী, আচবাবৰ লগতে কিছু গুৰুত্বপূৰ্ণ নথি-পত্ৰ জ্বলি ছাই হৈ যায় ৷
উল্লেখ্য যে, দীপাৱলীৰ দিনটোত ৰাজ্যৰ বিভিন্ন প্ৰান্তত কেইবাটাও অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়ক : Kali puja in Dibrugarh: ডিব্ৰুগড়ত দীপাৱলী উদযাপন কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ