অগ্নিকাণ্ডত ক্ষতিগ্ৰস্ত কৃষক পৰিয়াল

By ETV Bharat Assamese Team

Published : Jan 9, 2024, 10:59 PM IST

thumbnail

নলবাৰী, ৯ জানুৱাৰী: নলবাৰীৰ টিহু হাৰিভাংগাৰ পশ্চিম বৰপিটত ভয়ংকৰ অগ্নিকাণ্ড । সঞ্জয় কলিতা নামৰ কৃষকজনৰ বাসগৃহত সংঘটিত হয় এই অগ্নিকাণ্ড । নিমিষতেভস্মীভূত হয় সঞ্জয় কলিতাৰ গোহালিৰ লগতে দুটাকৈ খেৰৰ মেজি । কাষৰ জুইৰ ফিৰঙতিৰ ফলতে অগ্নিকাণ্ডৰ সন্দেহ স্থানীয় ৰাইজ তথা পৰিয়ালৰ ।

এই অগ্নিকাণ্ডত কৃষক পৰিয়ালটোৰ ফাৰ্মৰ লগতে খেৰৰ মেজি ভস্মীভূত হয় । আনহাতে গোহালিত বান্ধি থোৱা গৰু-ছাগলীৰ লগতে গাহৰি উদ্ধাৰ কৰিবলৈ সক্ষম হয় কেইজনমান লোক ৷ ভস্মীভূত হ’ল পৰিয়ালটোৰ বহু সা-সম্পত্তি । এতিয়ালৈ ক্ষয় ক্ষতিৰ পৰিমাণ জানিব পৰা হোৱা নাই ।  

ঘটনাৰ খবৰ পোৱাৰ বহু সময়ৰ পিচত টিহু অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নুমুওৱাৰ চেষ্টা কৰে ৷ অগ্নিকাণ্ডত ক্ষতিগ্ৰস্ত হোৱা কৃষিজীৱি পৰিয়ালটোৱে এতিয়া চৰকাৰৰ পৰা সহায় আশা কৰিছে ৷

লগতে পঢ়ক : বিধ্বংসী অগ্নিকাণ্ডত জাহ গ’ল কেইবা লক্ষাধিক টকাৰ সা-সম্পত্তি

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.