Fire Breaks out at Lengtisinga : বঙাইগাঁৱৰ লেংটিছিঙাত ভয়ংকৰ অগ্নিকাণ্ড, তিনিটাকৈ ঘৰ ভস্মীভূত - Massive Fire Breaks out at Lengtisinga
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/14-11-2023/640-480-20023980-thumbnail-16x9-bongaiagaon.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Nov 14, 2023, 9:27 PM IST
বঙাইগাঁও, 14 নৱেম্বৰ : বঙাইগাঁও জিলাৰ লেংটিছিঙাত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা ৷ লেংটিছিঙাৰ ঝাৰপাৰা প্ৰথম খণ্ড গাঁৱৰ আব্দুল আখেৰৰ নামৰ লোকজনৰ বাসগৃহত সংঘটিত হয় এই অগ্নিকাণ্ড ৷ ফলত তিনিটাকৈ বাসগৃহ ভস্মীভূত হয় ৷ শ্বৰ্ট চাৰ্কিট বাবে জুইৰ সূত্ৰপাত হোৱা বুলি সন্দেহ কৰিছে ভুক্তভোগী পৰিয়ালে ৷
ঘটনা অনুসৰি, আখেৰৰ নামৰ ব্যক্তিজনৰ বাসগৃহত প্ৰথমে জুইৰ সূত্ৰপাত হৈছিল ৷ তাৰ পিচত সমীপতে থকা তিনিটাকৈ বাসগৃহলৈও জুই বিয়পি পৰে ৷ ফলত 60 হাজাৰ নগদ ধনৰ লগতে প্ৰায় 5 লক্ষাধিক টকাৰ সম্পত্তি ভূস্মীভূত হোৱা বুলি জানিব পৰা গৈছে ৷ ইফালে পথৰ দুৰৱস্থাৰ বাবে ঘটনাস্থলীত উপস্থিত নহ’ল অগ্নিনিৰ্বাপক বাহিনীৰ দল ৷ কিন্তু ৰাইজৰ তৎপৰতাহে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় ৷
লগতে পঢ়ক:Massive fire breaks out : বঙাইগাঁৱৰ মায়াপুৰীত ভয়ংকৰ অগ্নিকাণ্ড, লক্ষাধিক টকাৰ সামগ্ৰী ভস্মীভূত