Fire at Lapelang: নিৰ্বাপিত হ’ল চৰাইদেউৰ লাইপেলেংস্থিত তৈলখাদৰ অগ্নিকাণ্ড - Fire at Lapalang oil field
🎬 Watch Now: Feature Video
চৰাইদেউ জিলাৰ পাটসাঁকো লাইপেলেংস্থিত তৈলখাদত শনিবাৰে নিশা এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়(Fire at Lapalang oil field) । ONGC ৰ অধীনস্থ তেলখাদটোত নিয়োজিত শ্ৰমিকে কাম কৰি থকা অৱস্থাতে সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা(Devastating fire in Charaideo) । নিশা বহু সময়লৈকে জ্বলি থকা এই প্ৰকাণ্ড জুইয়ে আতংকৰ সৃষ্টি কৰে কাষৰীয়া অঞ্চলসমূহৰ ৰাইজৰ মাজত । কেইবাখনো অগ্নিনিৰ্বাপক বাহিনীৰ বাহনে বহু সময় চেষ্টা চলোৱাৰ পাছত জুই নুমুৱাবলৈ সক্ষম হয় যদিও ৰাইজৰ মাজত অব্যাহত আছে আতংক । অগ্নিকাণ্ডৰ কাৰণ সন্দৰ্ভত এতিয়াও নিশ্চিত তথ্য পোহৰলৈ অহা নাই । এই ঘটনাৰ ফলত কোনো লোক হতাহত হোৱা নাই বুলি জানিব পৰা গৈছে ৷
Last Updated : Feb 3, 2023, 8:32 PM IST