thumbnail

By ETV Bharat Assamese Team

Published : Jan 7, 2024, 9:25 PM IST

ETV Bharat / Videos

ধেমাজিৰ জীয়াঢল বনাঞ্চলত দাবানল

ধেমাজি, 7 জানুৱাৰী: ধেমাজিৰ জীয়াঢল বনাঞ্চলত দাউদাউকৈ জ্বলি উঠিল জুই ৷ দেওবাৰে বিয়লি প্ৰায় 4:30 বজাত বনাঞ্চলখনত হঠাৎ জুইৰ সূত্ৰপাত হোৱাৰ পিচতে  জুইৰ লেলিহান শিখাই আগুৰি ধৰে বনাঞ্চলখন বিস্তীৰ্ণ অঞ্চল ৷

ভয়ংকৰ জুইকুৰাৰ ফলত ভস্মীভূত হৈছে বহু মূল্যবান গছ-বনৰ ৷ ইতিমধ্যে ধেমাজিৰ অগ্নি নিৰ্বাপক বাহিনীয়ে আৰক্ষীৰ সহযোগত জুই নুমুৱাবলৈ চেষ্টা অব্যাহত ৰাখিছে যদিও এই পৰ্যন্ত নিৰ্বাপন কৰিবলৈ সক্ষম হোৱা নাই ৷ 

এই পৰ্যন্ত প্ৰায় 5 ঘন্টাধৰি বনাঞ্চলখন জ্বলি থকাত শংকিত হৈ পৰিছে কাষৰীয়া অঞ্চলবাসী ৷ সমান্তৰালকৈ মূল্যবান গছ-গছনিসমূহ জ্বলি যোৱা ঘটনাতো চিন্তিত হৈ পৰিছে প্ৰকৃতিপ্ৰেমী ৷ ইপিনে জানিব পৰা মতে বনাঞ্চলখনৰ প্ৰায় আধা অংশ জুইত জাহ গৈছে ৷ অৱশ্যে জুই সূত্ৰপাতৰ কাৰণ এই পৰ্যন্ত জানিব পৰা হোৱা নাই ৷ 

লগতে পঢ়ক: ধেমাজিত লেচিয়া নৈৰ দুয়োপাৰে এতিয়া দৃশ্যমান হালধীয়া চাদৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.