Massive Erosion at Kalgachia : বেকী নৈয়ে কলগাছিয়াত লৈছে ভয়ংকৰ ৰূপ

By ETV Bharat Assamese Team

Published : Sep 16, 2023, 12:11 PM IST

thumbnail

জনিয়া, 16 ছেপ্টেম্বৰ : কলগাছিয়াৰ বলাইপাথাৰ গাঁৱত ভয়ংকৰ ৰূপ লৈছে বেকী নৈৰ গৰাখহনীয়াই ৷  চকুৰ সন্মুখতে জাহ গৈছে এটাৰ পিচত এটাকৈ ঘৰ, শ শ বিঘা কৃষি ভূমি । এসপ্তাহত বেকী নদীৰ বুকুত জাহ গ’ল প্ৰায় 50 টাকৈ পৰিয়ালৰ ঘৰ-দুৱাৰ । ফলত হাহাকাৰ নৈপৰীয়া ৰাইজ ৷ তথাপিও কানসাৰ নাই জনপ্ৰতিনিধি আৰু জিলা প্ৰশাসনৰ ।

সম্প্ৰতি বেকী নদীৰ গৰাখহনীয়াৰ কৱলত পৰিছে অঞ্চলটোৰ মছজিদ, ক্ৰমান্বয়ে নদীৰ বুকুত বিলীন হৈছে কলগাছিয়া পৰা লাচাংগা সংযোগী গড়কাপ্তানি পথ । ইফালে শুকুৰবাৰে বলাইপাথাৰ গাঁৱত গৰাখহনীয়া চাবলৈ অহা নায়েব আলী নামৰ এজন লোকে বেকী নদীৰ গৰা খহি হঠাৎ নদীত পৰি যায় ।  স্থানীয়া ৰাইজৰ তৎপৰতাত কথমপি প্ৰাণ ৰক্ষা পৰে লোকজনৰ । ইফালে খহনীয়া প্ৰতিৰোধৰ বাবে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাই নৈপৰীয়া ৰাইজে ৷

লগতে পঢ়ক:Cricket Stadium in Barpeta: বৰপেটাত ক্ৰিকেট ষ্টেডিয়াম নিৰ্মাণৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.