Erosion in Dhemaji:সৌৰাংশ্ৰীত ব্ৰহ্মপুত্ৰৰ খহনীয়াত জাহ কৃষিভূমি - ব্ৰহ্মপুত্ৰৰ ভয়াৱহ গৰাখহনীয়া
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/12-09-2023/640-480-19495460-thumbnail-16x9-aa-aspera.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Sep 12, 2023, 8:39 PM IST
জোনাই,১২ ছেপ্টেম্বৰঃ ব্ৰহ্মপুত্ৰৰ ভয়াৱহ গৰাখহনীয়াই তীব্ৰ ৰূপ ধাৰণ কৰিছে ধেমাজি জিলাৰ জোনাই ৰাজহ চক্ৰৰ চমকং গাঁও পঞ্চায়তৰ সৌৰাংশ্ৰীত। বিগত এটা দশকৰ পৰা অব্যাহত থকা ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ প্ৰকোপ বৃদ্ধি পাইছে জিলাখনৰ সৌৰাংশ্ৰী গাঁৱত । সৌৰাংশ্ৰী গাঁৱৰ সন্তোষ বৰ্মন,বিজিত বসুমতাৰী,নিলট ৰামচিয়াৰী,ৰাজা বসুমতাৰী,ফুলেশ্বৰ দৈমাৰী, গালৰ বড়ো,লোহিত বসুমতাৰী,নৱ বসুমতাৰী,বানেশ্বৰ বসুমতাৰী,ধনীৰাম বসুমতাৰী,নাৰায়ণ বসুমতাৰীৰ চাৰি-পাঁচ বিঘাকৈ উৰ্বৰা কৃষিভূমি ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গৈছে।
ধেমাজি জিলাৰ জোনাই ৰাজহ চক্ৰৰ চমকং গাঁও পঞ্চায়তৰ সৌৰাংশ্ৰীত ক্ষিপ্ৰভাৱে ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা নল'লে গাঁওখনলৈ ব্ৰহ্মপুত্ৰ পাবলৈ মাত্ৰ দুশ মিটাৰহে আছে । সৌৰাংশ্ৰীৰ সুৰক্ষা দিবলৈ ব্ৰহ্মপুত্ৰৰ খহনীয়া নিয়ন্ত্ৰণ কৰিবলৈ চৰকাৰৰ, জনপ্ৰতিনিধিক দাবী জনাইছে ভুক্তভোগী নৈপৰীয়া ৰাইজে ।