thumbnail

Erosion at Jonai: জোনাইৰ সাধুঘাটত লালী নদীৰ তীব্ৰ খহনীয়া

By

Published : Mar 25, 2023, 5:46 PM IST

জোনাই,২৫ মাৰ্চ: ধেমাজি জিলাৰ জোনাইৰ সাধুঘাটত লালী নদীৰ তীব্ৰ খহনীয়া অব্য়াহত (Erosion of Lali River in Jonai)। যিকোনো মূহুৰ্তত মথাউৰি খহনীয়াত জাহ যোৱাৰ আশংকা ঘণীভূত হৈছে । জোনাইৰ সাধুঘাটত লালী নদীৰ খহনীয়াই বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ বিগত কিছু বছৰৰ পৰাই নিদ্ৰাহৰণ কৰি আহিছে । বাৰিষাৰ সমানে সমানে খৰালি কালতো সাধুঘাটত লালী নদীৰ খহনীয়া তীব্ৰ ৰূপ ধাৰণ কৰি আহিছে ।

লালী নদীৰ তীব্ৰ খহনীয়াত যিকোনো মূহুৰ্তত মথাউৰি ছিঙি যোৱাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে । যাৰ ফলত বৰং শান্তিপুৰ, তেলিজান, জামুগুৰি, চেঙাজান আদিকে ধৰি ২০ খনতকৈও অধিক গাঁও নদীৰ বুকুত জাহ যাব । এই খহনীয়া প্ৰতিৰোধৰ বাবে জোনাই প্ৰশাসনৰ লগতে অসম চৰকাৰৰ বিভাগীয় মন্ত্ৰীক বাৰে বাৰে আবেদন কৰিছে যদিও কিছু ঠাইত জলসম্পদ বিভাগে নামমাত্ৰ পাৰ্কুপাইন পেলায়েই দায়িত্ব সামৰিছে । ৰাইজে খহনীয়া প্ৰতিৰোধৰ বাবে ব্য়ৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে (Public demand for protection from erosion) ।

লগতে পঢ়ক:Corruption in Road construction: মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতো অসম্পূৰ্ণ পথৰ নিৰ্মাণ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.