Crackdown on Child Marriage: বাল্য বিবাহৰ বিৰুদ্ধে যোগীঘোপা আৰক্ষীৰ অভিযান - বাল্য বিবাহৰ বিৰুদ্ধে পুৱতি নিশালৈকে চলিল অভিযান
🎬 Watch Now: Feature Video


Published : Oct 3, 2023, 7:56 PM IST
বঙাইগাঁও, 3 অক্টোবৰ: বাল্য বিবাহৰ বিৰুদ্ধে পুৱতি নিশালৈকে চলিল যোগীঘোপা আৰক্ষীৰ অভিযান ৷ অভিযানত গ্ৰেপ্তাৰ মুঠ দহজনকৈ লোক ৷ ইয়াৰে ছজন হৈছে বে-আইনী স্বামী আৰু আন চাৰিজন হৈছে অভিভাৱক ৷ যোগীঘোপা আৰক্ষীয়ে ছজন বে-আইনী স্বামী আৰু চাৰিজন অভিভাৱকসহ মুঠ ১০ জনৰ বিৰুদ্ধে ৬ টাকৈ গোচৰ ৰুজু কৰিছে ৷
গ্ৰেপ্তাৰ হোৱা লোককেইজন হ’ল ক্ৰমে আনিছুৰ ৰহমান, ৰবিউল হুছেইন, ৰহিম বক্স, মন্নাফ আলী, জয়ান উদ্দিন আলী, ৰমজান আলী, কমৰ আলী, হকিদুল হক, আনোৱাৰ হুছেইন আৰু ছাকিদুল হক ৷
বাল্য বিবাহ বিৰোধী চৰকাৰৰ এই অভিযান সন্দৰ্ভত আমছুৰ কেন্দ্ৰীয় সভাপতি ৰেজাউল কৰিম সৰকাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । আমছুৰ সভাপতিগৰাকীয়ে কয় যে বাল্য বিবাহ বন্ধৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ হয়তো আন্তৰিকতা নাই, যাৰ বাবে সম্পূৰ্ণৰূপে এই ব্যাধি সমাজৰ পৰা নাইকিয়া হোৱা নাই ৷ লাঠি আৰু পুলিচক ব্যৱহাৰ কৰি বাল্য বিবাহ বন্ধ কৰিব নোৱাৰি বুলিও তেওঁ মন্তব্য কৰে । ইতিমধ্যে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে যোগীঘোপা আৰক্ষীয়ে ৷
লগতে পঢ়ক : Drive against child marriage:বাল্য বিবাহৰ বিৰুদ্ধে বঙাইগাঁও সদৰ আৰক্ষীৰ অভিযান