Jonai road accident: বড়োসকলৰ লখিমী আদৰা পৰ্বৰ দিনাই জোনাইত পথ দুৰ্ঘটনা

By

Published : Oct 19, 2022, 10:02 PM IST

Updated : Feb 3, 2023, 8:29 PM IST

thumbnail
পূৰ্বৰ পৰম্পৰা অনুসৰি পহিলা কাতিৰ দিনা বাথৌ ধৰ্মাৱলম্বী বড়োসকলে পালন কৰি আহিছে লখিমী আদৰা পৰ্ব । অন্যান্য প্ৰান্তৰ লগতে চিমেন চাপৰিৰ হাংমা চাপৰি গাঁৱৰ ৰাইজে গাঁৱৰ বাথৌ মন্দিৰত অনুষ্ঠিত কৰা লখিমী আদৰা অনুষ্ঠানত অংশ লৈ সমীপৰ চেৰেণ নদীৰ পৰা ৰীতি-নীতি অনুসৰি লখিমী আদৰি আনি থকা অৱস্থাতে জোনাইৰ পৰা চিলাপথাৰ অভিমুখে আহি থকা এখন অল্ট' বাহনে কেবাজনো লোকক মহতিয়াই লৈ যায় (Road accident at Jonai) ৷ দুৰ্ঘটনাটোত হাংমা চাপৰি গাঁৱৰ অমৃত দৈমাৰী, মহেন মুছাহাৰী, মণিৰাম দৈমাৰী, জৌনস্বৰাং বড়ো,মণিকা বসুমতাৰী, লক্ষ্মণ বসুমতাৰী,দানস্বৰাং বড়ো, সুমিতা ৰামচিয়াৰী, অনিমা বসুমতাৰী, জুলি বড়ো আঘাতপ্ৰাপ্ত হয় (Many people injured in road accident ) । আঘাতপ্ৰাপ্ত আটাইকেইজনক ডেকাপাম ক্ষূদ্ৰ প্ৰাথমিক চিকিৎসালয়ত (Dekapam MPHC Primary Health Center) ভৰ্তি কৰোৱা হয় ৷ যদিও উন্নত চিকিৎসাৰ বাবে লক্ষ্মণ বসুমতাৰীক ধেমাজিলৈ প্ৰেৰণ কৰা হয় আৰু বাকী সকলক ডিব্ৰুগড়লৈ নিয়া হয় (Jonai road accident ) । ডিব্ৰুগড়ৰ ডামানিছ নাৰ্চিং হোমত ভৰ্তি কৰোৱাসকলৰ মাজত অমৃত দৈমাৰী, মণিৰাম দৈমাৰী আৰু মহেন মুছাহাৰীৰ অৱস্থা সম্প্ৰতি সংকটজনক বুলি জানিব পৰা গৈছে ।
Last Updated : Feb 3, 2023, 8:29 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.