Heatwave hits Assam: ডিব্ৰুগড়ত প্ৰচণ্ড গৰম; চিকিৎসালয়ত বৃদ্ধি পাইছে ৰোগীৰ সংখ্যা - Heat waves rise in Assam

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jun 3, 2023, 6:56 PM IST

ডিব্ৰুগড়, 3 জুন: প্ৰচণ্ড গৰমে দহিছে ৰাজ্য ৷ তীব্ৰ গতিত বৃদ্ধি পোৱা তাপমাত্ৰাত ব্যাহত হৈছে ৰাজ্যৰ স্বাভাৱিক জীৱন যাত্ৰা ৷ তীব্ৰ গৰমত অখুস্থ হৈ পৰিছে বহুলোক (Heatwave hits Assam) ৷

ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে ডিব্ৰুগড়তো বৃদ্ধি পাইছে গৰমৰ প্ৰকোপ ৷ গৰমৰ প্ৰকোপ বঢ়াৰ ফলত জনসাধাৰণৰ মাজত বিভিন্ন ৰোগে দেখা দিয়া পৰিলক্ষিত হৈছে ৷ প্ৰচণ্ড গৰমৰ ফলত বিভিন্ন চিকিৎসালয়ত বৃদ্ধি পাইছে ৰোগীৰ সংখ্যা (Heat waves rise in Dibrugarh) ৷  

ইয়াৰ সমান্তৰালকৈ ডিব্ৰুগড় জিলাৰ অতি ভিতৰুৱা গ্ৰাম্য অঞ্চলৰ চিকিৎসালয় জকাই আৰ্দশ চিকিৎসালয়তো দৈনিক ৰোগীৰ সংখ্যা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ৷ বিশেষ কৈ জ্বৰ, মূৰবিষ, ডায়েৰীয়া, ডিচেন্ট্ৰী, গা-বিষ, প্ৰস্ৰাৱৰ জ্বলা পুৰা, ভৰি বিষ আদি বিভিন্ন লক্ষণে দেখা দিয়া ৰোগী এতিয়া চিকিৎসালয়ত ভিৰ কৰা দেখা গৈছে (Many People Fall Sick Due To Heat In Dibrugarh) ৷ 

চিকিৎসালয়খনৰ উপ -অধীক্ষক ডাঃ কৰৱী চেলেঙে সংবাদ মাধ্যমৰ আগত এই কথা প্ৰকাশ কৰাৰ লগতে সংবাদ মাধ্যমৰ যোগেদি সকলো ৰাইজক গৰমৰ দিনকেইটা সজাগ হ'বলৈ, মুখত মাস্ক পিন্ধিবলৈ আহ্বান জনাইছে (Heatwave hits Dibrugarh) ৷ আনহাতে ৰোগী সকলক উপযুক্ত চিকিৎসা কৰিব পৰাকৈ চিকিৎসালয়ত সকলো সা-সুবিধা, পৰ্যাপ্ত ঔষধ মজুত আছে বুলিও প্ৰকাশ কৰে চিকিৎসকগৰাকীয়ে (Heat waves rise in Assam) ৷

লগতে পঢ়ক: Heat waves hit Assam: লাহৰীঘাটত প্ৰচণ্ড গৰমত ঢলি পৰিল ছাত্ৰী

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.