ষঠ পূজা উপলক্ষে দিখৌ নদীৰ ঘাটত ভক্তৰ লানি নিছিগা সোঁত - শিৱসাগৰৰ পূৰ্বোত্তৰ হিন্দুস্তানী যুৱ মঞ্চ
🎬 Watch Now: Feature Video


Published : Nov 20, 2023, 2:07 PM IST
শিৱসাগৰ, 20 নৱেম্বৰ : শিৱসাগৰত ষঠ পূজা পালন ৷ দিখৌ নদীৰ ঘাটত ভক্তৰ লানি নিছিগা সোঁত ৷ সূৰ্য স্তুতিৰে শিৱসাগৰ নগৰৰ দিখৌ নদীৰ থানা ঘাটত দেওবাৰৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে পৰম্পৰাগত ৰীতি-নীতিৰে ষঠ পূজাৰ আয়োজন কৰা হয় ৷ এই উপলক্ষে দেওবাৰে বিয়লিৰে পৰা থানা ঘাট লোকাৰণ্য হৈ পৰা দেখা যায় ৷
শিৱসাগৰৰ পূৰ্বোত্তৰ হিন্দুস্তানী যুৱ মঞ্চৰ উদ্যোগত আয়োজন কৰা হৈছে এই পূজাৰ । উল্লেখযোগ্য যে, সূৰ্য ষষ্ঠী ব্ৰতৰূপে পৰিচিত এই পূজাৰ জৰিয়তে ভাৰতীয় লোকসকলে ব্ৰতৰ মাধ্যমত নিজৰ মনোকামনা পূর্ণ কৰাৰ অৰ্থে সূৰ্যক আৰাধনা কৰে । এই পূজাৰ সময়ত ভক্তসকলে সূৰ্য দেৱতাক ফল-মূলৰ ভোগ আগবঢ়ায় আৰু সূৰ্যৰ প্ৰথম কিৰণত স্নান কৰে ।
শিৱসাগৰ থানা ঘাটত অনুষ্ঠিত পূজাভাগী সূচাৰু আৰু নিৰাপদভাৱে অনুষ্ঠিত কৰাৰ বাবে শিৱসাগৰৰ অসামৰিক প্ৰতিৰক্ষা বিভাগে কেতবোৰ বিশেষ সুৰক্ষাজনিত ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে ।
লগতে পঢ়ক: বেলুন ফুলাই থাকোতেই ঘটিল অঘটন, গুৰুতৰভাৱে আহত কেবাজনো