thumbnail

AGP workers meet: যোৰহাটত অগপত যোগদান যুৱ প্ৰজন্মৰ প্ৰতিনিধিৰ

By

Published : Jun 11, 2023, 10:16 PM IST

যোৰহাট, 11 জুন: লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি আঞ্চলিক দল অগপই আৰম্ভ কৰিছে বিশেষ কাৰ্যকৰ্তা সন্মিলন ৷ দেওবাৰে যোৰহাট লোকসভা সমষ্টি অন্তৰ্গত 10 টা বিধানসভা সমষ্টিক সাঙুৰি যোৰহাট পিতাম্বৰ দেৱ গোস্বামী প্ৰেক্ষাগৃহত অনুষ্ঠিত বিশেষ কাৰ্যকতা সন্মিলনত অংশ ল’লে দলটোৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাই ৷ 

সেই সন্মিলনতে অগপত যোগদান কৰে শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সকলো বিষয়-ববীয়াই ৷ পশ্চিম যোৰহাটৰ বিভিন্ন পঞ্চায়তৰ দল নেতা-কৰ্মীয়েও অগপত যোগদান কৰে । দলটোৰ সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্তই নতুন কৰ্মীসকলক দললৈ আদৰণি জনায় । আনহাতে এই যোগদান প্ৰক্ৰিয়া পিচতে অগপৰ সভাপতি অতুল বৰাই কয় যে, নতুন প্ৰজন্ম আঞ্চলিক দলৰ প্ৰতি আকৃষ্ট হোৱাটো দলটোৰ বাবে শুভ লক্ষণ আৰু এনে যোগদানে দলটোক অধিক শক্তিশালী কৰিৰ তুলিব ।

লগতে পঢ়ক: Assam BJYM: বিজেপিৰ মহা জনসম্পৰ্ক অভিযানৰ অংশ হিচাবে যুৱ মৰ্চাই আৰম্ভ কৰিব বাইক ৰেলী

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.