Shyama puja in manikpur: জুৱাৰ বিৰুদ্ধে নোৱাগাঁও শ্যামাপূজা সমিতিৰ সৰৱ ভূমিকা

🎬 Watch Now: Feature Video

thumbnail
বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত নোৱাগাওঁত তিনিদিনীয়া কাৰ্যসূচীৰে পোহৰৰ উৎসৱ দীপাৱলী ও শ্ৰী শ্ৰী শ্যামা পূজাৰ আয়োজন(Shyama puja in manikpur) । নোৱাগাওঁ শ্ৰী শ্ৰী শ্যামা পূজা সমিতিৰ সম্পাদক যুগল ৰায়ে অনুষ্ঠান সন্দৰ্ভত কয় যে প্ৰথম দিনা নাম-কীৰ্তন ও ভাগৱত পাঠ, দ্বিতীয়দিনা নামদলৰ জৰিয়তে নাম-কীৰ্তন পৰিৱেশন অনুষ্ঠান অনুষ্ঠিত হব৷ শেষৰ দিনা খাৰাতাল অনুষ্ঠিত হব । ১৯৪১ চনৰ পৰা পূজা অনুষ্ঠিত হৈ আহিছে যদিও ১৯৫৬ চনৰ পৰা হিন্দু- মুছলমান উভয় সম্প্ৰদায়ে মিলি দীপাৱলী ও শ্যামা পূজা অনুষ্ঠিত কৰি আহিছে । কিন্তু বিগত কেইবাবছৰ ধৰি দুষ্ট চক্ৰই পূজাৰ নামত অবৈধ জুৱা ও জাণ্ডিমুণ্ডা খেল অনুষ্ঠিত কৰি আহিছে(Illegal gambling and jandimunda games) । যিয়ে বিনষ্ট কৰিছে পূজাথলীৰ শান্তি-সম্প্ৰীতি ৷ সেয়ে পূজাৰ নামত জুৱা খেল কোনো কাৰণতেই চলিব দিয়া নহব বুলি স্পষ্ট কৰি দিছে উদ্যোক্তা সমিতিয়ে । কোনো চক্ৰই যাতে জুৱাখেল অনুষ্ঠিত কৰিব নোৱাৰে তাৰ প্ৰতি দৃষ্টি ৰাখিবলৈ প্ৰশাসনক কঢ়া নজৰ ৰাখিবলৈ অনুৰোধ জনাইছে পূজা কমিটিয়ে ।
Last Updated : Feb 3, 2023, 8:29 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.