thumbnail

By

Published : May 1, 2023, 8:48 AM IST

ETV Bharat / Videos

Burhi Dihing River: বুঢ়ীদিহিং নদীত বৰশী টোপাবলৈ গৈ সন্ধানহীন এজন

ডিব্ৰুগড়, 1 মে’: ডিব্ৰুগড় জিলাৰ খোৱাঙত অঘটন ৷ বুঢ়ীদিহিং নদীত সন্ধানহীন এজন ৷ খোৱাঙৰ গেমন দলঙৰ সমীপত বুঢ়ীদিহিং নদীত বৰশী টোপাবলৈ গৈ সন্ধানহীন হয় লোকজন ৷ সন্ধানহীন হোৱা লোকজন শালমাৰী চাহ বাগিছাৰ জুগনো তাঁতী (৪২) বুলি জানিব পৰা গৈছে (Man Missing in Burhi Dihing River at Khowang) ৷

সন্ধানহীন ব্যক্তিজন মৃগী ৰোগত ভুগি আছিল বুলি জানিব পৰা গৈছে ৷ দিনৰ ভাগত বৰশী টোপাই থকা অৱস্থাতে হঠাতে নদীত পৰি সন্ধানহীন হয় ব্যক্তিজন ৷ লগে লগে লগৰীয়াই ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকক খবৰ দিয়ে (Missing in Burhi Dihing River) ৷  

পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষী আৰু এচ ডি আৰ এফৰ লোক উপস্থিত হয় ৷ এচ ডি আৰ এফ বাহিনীয়ে নদীত অভিযান চলাই যদিও লোকজনক উদ্ধাৰ কৰিবলৈ সক্ষম নহ'ল ৷ ইফালে আন্ধাৰ হোৱাৰ বাবে অভিযান বন্ধ কৰিব লগা হয় এচ ডি আৰ এফ বাহিনীয়ে ৷ আজি সন্ধানহীন ব্যক্তিজনৰ সন্ধানত পুনৰ নদীত অভিযান চলাব বুলি আৰক্ষীয়ে জানিবলৈ দিছে (Fisherman Missing in Burhi Dihing River at Khowang) ৷

লগতে পঢ়ক: Tree cutting in Guwahati : উন্নয়নৰ নামত গুৱাহাটীত চলিছে গছ কটাৰ অঘোষিত প্ৰতিযোগিতা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.