পৰকীয়া প্ৰেমৰ কৰুণ পৰিণতি ! বজালীত জ্যেষ্ঠ ভাতৃয়ে গুপ্তাংগ কাটি হত্যা কৰিলে নিজ ভাতৃক

By ETV Bharat Assamese Team

Published : Dec 14, 2023, 3:32 PM IST

Updated : Dec 14, 2023, 4:09 PM IST

thumbnail

গুৱাহাটী, 14 ডিচেম্বৰ : বজালী জিলাৰ কাটলা পাথাৰত সংঘটিত হৈছে এক জঘন্য ঘটনা ৷ পৰকীয়া প্ৰেমৰ সন্দেহত গুপ্তাংগ কাটি কনিষ্ঠ ভাতৃক হত্যা কৰিলে জ্যেষ্ঠ ভাতৃয়ে ৷  

ঘটনাৰ বিৱৰণী অনুসৰি বুধবাৰে নিশা পৰকীয়া প্ৰেমক কেন্দ্ৰ কৰি দুই ভাতৃৰ মাজত সূত্ৰপাত হৈছিল কাজিয়াৰ ৷ কাজিয়াৰ পৰিণতিত জ্যেষ্ঠ ভাতৃয়ে ব্লেডেৰে গুপ্তাংগ কাটে কনিষ্ঠ ভাতৃৰ ৷ বৌৱেকৰ লগত সৰু ভাতৃৰ অবৈধ সম্পৰ্ক আছিল বুলি ককায়েকে কৰা সন্দেহৰ ফলতেই আৰম্ভ হৈছিল এই বিবাদ ৷ ইতিমধ্যে এই ঘটনাৰ পিছতে মৃত্যু হৈছে ভুক্তভোগী ধনঞ্জিত ৰয়ৰ (24) ৷  

বৰ্তমান অভিযুক্ত জ্যেষ্ঠ ভাতৃ প্ৰাঞ্জল ৰয় (29) পলাতক অৱস্থাত আছে ৷ ঘটনা সংঘটিত হোৱাৰ পিছত ৰহস্যজনকভাৱে প্ৰাঞ্জল ৰয়ৰ পত্নীও নিৰুদ্দেশ হৈ আছে বুলি জানিব পৰা গৈছে ৷ পতি-পত্নী দুয়ো লগ হৈ এই কাণ্ড সংঘটিত কৰা বুলি সন্দেহ কৰিছে স্থানীয় লোকে ৷ ঘটনা সন্দৰ্ভত বজালী আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷ 

লগতে পঢ়ক : ভূ-মাফিয়াৰ অত্যাচাৰত মৃত্যু হোৱা নিৰঞ্জনে পাবনে ন্যায় ?

Last Updated : Dec 14, 2023, 4:09 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.