thumbnail

By ETV Bharat Assamese Team

Published : Nov 26, 2023, 10:37 AM IST

ETV Bharat / Videos

গাৰ ওপৰেৰে খোজ কাঢ়ি গ’ল হাতীয়ে, মুমূৰ্ষুু অৱস্থাত চিকিৎসালয়ত ভৰ্তি

গোলাঘাট, 24 নৱেম্বৰ : গোলাঘাট জিলাৰ মৰঙী মৌজাত তীব্ৰতৰ ৰূপ ধাৰণ কৰিছে হাতী মানুহৰ সংঘাতে । বৃহত্তৰ মৰঙীত নিদ্ৰা হৰিছে বন্যহস্তীৰ উপদ্ৰৱে ৷ দিনে নিশাই নিৰাপত্তাহীনতাত ভুগিবলগীয়া হৈছে সৰ্বসাধাৰণ ৷ ঘৰৰ বাহিৰত দূৰৈৰ কথা এতিয়া ঘৰৰ ভিতৰতো নিৰাপত্তা নোহোৱা হৈছে সাধাৰণ নাগৰিকৰ ৷

হাতীৰ আক্ৰমণত দেওবাৰৰ পুৱাই এজন লোক গুৰুতৰভাৱে আহত হৈ চিকিৎসালয়ত চিকিৎসাধীন হ’বলগীয়া হৈছে । জানিব পৰা মতে, উৰে নিশা পথাৰৰ ধান খাই তহিলং কৰাৰ পিচত পুৱা গাৱঁৰ মাজেৰে উভতি যায় হাতীৰ এটা বৃহৎ জাক ৷ ইয়াৰে জাকটোৰ শেষত যোৱা এটা হাতীয়ে স্থানীয় দুৰ্লভ গগৈ নামৰ এজন লোকজনক ঘৰৰ চোতালতে আক্ৰমণ কৰে ৷

হাতীৰ আক্ৰমণত গুৰুতৰভাৱে আহত কৰে দুৰ্লভ গগৈ ৷ আহত ব্যক্তিগৰাকীক সংকটজনক অৱস্থাত গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । ইফালে ঘটনা সন্দৰ্ভত বন বিভাগৰ লোকক কেবাবাৰো যোগাযোগ কৰে স্থানীয় ৰাইজে ৷  কিন্তু এই ক্ষেত্ৰত বিফল হয় হয় গাঁওবাসী ।

লগতে পঢ়ক : বন্যহস্তীৰ উপদ্ৰৱত বিনিদ্ৰ ৰজনী কটাইছে কাজিৰঙাবাসীয়ে

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.