Hojai Encounter : আৰক্ষী আৰু ডকাইতৰ মাজত গুলীয়াগুলী, গুলীবিদ্ধ ডকাইত - Hojai police encounter
🎬 Watch Now: Feature Video


Published : Oct 29, 2023, 2:22 PM IST
হোজাই, 29 অক্টোবৰ : পুনৰ গৰজিল আৰক্ষীৰ মাৰণাস্ত্ৰ ৷ শনিবাৰে নিশা হোজাইৰ মোৰাঝাৰত আৰক্ষী আৰু ডকাইতৰ মাজত গুলীয়াগুলীৰ ঘটনা সংঘটিত হয় ৷ হোজাইৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পল্লৱ তামুলীয়ে এক গোপন সূত্ৰৰ পম খেদি অভিযান চলাই মটৰচাইকেলেৰে অহা এটা ডকাইতৰ দলক ৰ’বলৈ নিৰ্দেশ দিয়ে ৷ কিন্তু তেতিয়াই ডকাইতৰ দলটিয়ে আৰক্ষীলৈ লক্ষ্য কৰি গুলীচালনা কৰে ৷
লগ লগে আৰক্ষীয়ে ওপ্ৰত্যুত্তৰত গুলীচালনা কৰাত ছাইদুল আলম নামৰ ডকাইতটো আহত হয় ৷ আহত ছাইদুলৰ দুয়ো ভৰিতে গুলী লাগিছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷ সম্প্ৰতি হোজাইৰ হাম হাস্পতালত ডকাইতটো চিকিৎসাধীন হৈ আছে ৷ হোজাই আৰক্ষীয়ে আন ডকাইতকেইটাৰ সন্ধানত অভিযান চলাই আছে । আৰক্ষীয়ে ডকাইতটোৰ পৰা উদ্ধাৰ কৰিছে এটা 7.65 এম এম পিষ্টল ৷
লগতে পঢ়ক: Crime in Guwahati: গুৱাহাটীত একেদিনাই ওলাল দুটাকৈ মৃতদেহ, বস্তাত কিন্নৰৰ মৃতদেহ