Man from Assam missing in Kerala: বহিঃৰাজ্যত ৰহস্যজনকভাৱে নিৰুদ্দেশ ৫০ উৰ্দ্ধৰ ব্যক্তি

By

Published : May 27, 2023, 4:19 PM IST

thumbnail

চৰাইদেউ,২৭ মে': পুনৰ বহিঃৰাজ্যত নিৰুদ্দেশ অসমৰ ব্যক্তি । চৰাইদেউ জিলাৰ সোণাৰি আৰক্ষী থানাৰ অন্তৰ্গত হাতীপুখুৰীৰ কোঁৱৰচুকৰ নিবাসী শৰৎ বৰবৰা নামৰ এজন পঞ্চাশ উৰ্দ্ধৰ ব্যক্তি বহিঃ ৰাজ্যলৈ গৈ থকা অৱস্থাত নিৰুদ্দেশ হোৱা ঘটনাই এতিয়া সমগ্ৰ অঞ্চলটোতে চাঞ্চল্য সৃষ্টি কৰিছে (Man from Charaideo is mysteriously missing) ।  

পৰিয়ালৰ লোকে জানিবলৈ দিয়া অনুসৰি, হাতীপুখুৰী গাঁৱৰ নিবাসী শৰৎ বৰবৰাই ২০ মে' তাৰিখে বহিঃ ৰাজ্য কেৰালালৈ ডিব্ৰুগড়ৰ ৰে'লৱে ষ্টেচনৰ পৰা বিবেক নামৰ ট্ৰেইনখনৰ জৰিয়তে কেৰালালৈ যাত্ৰা আৰম্ভ কৰিছিল হৰেণ গগৈ আৰু ৰাজু থাপা নামৰ দুজন ব্যক্তিৰ সৈতে (Man missing in Sivasagar) ।  

কিন্তু, গন্তব্যস্থান নোপোৱাৰ আগতে সতীৰ্থৰ লগত খণ্ডযুদ্ধত লিপ্ত হৈ ট্ৰেইনৰ পৰা নামি দিয়াৰ কথা ২২মে' তাৰিখে সহযাত্ৰীসকলে ফোনযোগে অৱগত কৰে পৰিয়ালৰ লোকক । তাৰ পাছৰে পৰা সন্ধানহীন হৈ আছে পঞ্চাশ উৰ্দ্ধৰ শৰৎ বৰবৰা নামৰ ব্যক্তিজন । পৰিয়ালৰ লোকে নিৰুদ্দেশৰ কথা অৱগত হোৱাৰ পাছতে স্থানীয় আৰক্ষী থানাত অৱগত কৰে যদিও আজিলৈকে কোনো ধৰণৰ সম্ভেদ লাভ কৰা নাই বুলি জানিবলৈ দিয়ে (Man from Assam missing in Kerala) ।  

অতি ৰহস্যজনক বিষয় এয়ে যে, ৰাজু থাপা নামৰ ব্যক্তিজনৰ নেতৃত্বত যোৱা ব্যক্তি দুজনৰ এজন নিৰুদ্দেশ হোৱাৰ পাচতে ৰাজু থাপাক বৰ্তমানলৈ যোগাযোগ কৰিব পৰা নাই বুলি জানিব দিয়ে বৰবৰাৰ আত্মীয়ই যাৰ বাবে থাপালৈ সন্দেহৰ আঙুলি তুলিছে এতিয়া পৰিয়ালৰ লোকে । 

লগতে পঢ়ক: Guwahati pipeline burst: অসুস্থ ৰশ্মি ৰাভাক GMCH ত ICU ত ভৰ্তি

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.