thumbnail

Assam Flood 2023: ব্ৰহ্মপুত্ৰ সাঁতুৰি পাৰ হ’ল হাতীৰ জাক

By

Published : Jun 20, 2023, 8:06 PM IST

কলিয়াবৰ,20 জুন: চৌদিশে বানৰ ভংয়কৰ ৰূপ ৷ চাৰিওফালে আৰ্তনাদ ৷ বানত দিশহাৰা জীৱশ্ৰেষ্ঠ ৷ দিশহাৰা বন্য জীৱ-জন্তু ৷ খাদ্যৰ সংকটত জীৱকূলৰ ৷ ৰাজ্যত কেইবাদিনো হোৱা নেৰানেপেৰা বৰষুণৰ বাবে উফন্দি উঠিছে নৈ-উপনৈসমূহ ৷ হোৰা-হোৰে বৃদ্ধি পাইছে পানী ৷ বাঢ়নী পানীত প্লাবিত হৈছে ন ন অঞ্চল ৷ আনফালে ক্ৰমাৎ ৰুষ্ট হৈ উঠিছে প্ৰকৃতি ৷

এই দৃশ্য কলিয়াবৰৰ হাতীমুৰা দুৰ্গা মন্দিৰৰ সমীপৰ ৷ খাদ্যৰ সন্ধানত ব্ৰহ্মপুত্ৰ সাঁতুৰি হাতীমুৰা মন্দিৰ চৌহদত প্ৰৱেশ পোৱালীসহ হাতীৰ এটা জাকৰ। হাতীৰ জাকটো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহাৰ সন্দেহ কৰিছে ৰাইজে । আশ্ৰয়স্থলীৰ লগতে খাদ‍্যৰ অভাৱৰ ফলত বন‍্য জীৱ-জন্তুবোৰে নিৰাপদ স্থান বিচাৰি এতিয়া বিভিন্ন স্থানলৈ গতি কৰিছে ৷ 

লগতে পঢ়ক:Junmoni Rabha death case: লখিমপুৰত উপস্থিত চিবিআইৰ দল

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.