Man elephant conflict: হোটেলত মিঠাইৰ সোৱাদ ল’লে গজৰাজে - Satgaon elephant

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jun 13, 2023, 9:54 PM IST

গুৱাহাটী,13 জুন: নিতৌ খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চলত প্ৰৱেশ কৰিছে বন্যহস্তীয়ে ৷ এইবাৰ খাদ্যৰ সন্ধানত আমচাং অভয়াৰণ্যৰ পৰা ওলাই আহিল বন্যহস্তী ৷ পুৱাৰ ভাগত আমচাং অভায়ৰণ্যৰ পৰা ওলাই অহা এটা বন্যহস্তীয়ে সাতগাঁও অঞ্চলত উপদ্ৰব চলায় ৷ বনৰীয়া হাতীটোৱে প্ৰথমে সাতগাঁৱৰ সেনা ছাউনীৰ ভিতৰত কিছু সময় বিচৰণ কৰাৰ পিছত সাতগাওঁ বজাৰ অভিমুখে গতি কৰে । তাৰ পিচত সাতগাঁও বজাৰৰ এখন হোটেলত প্ৰৱেশ কৰে বনৰীয়া হাতীটোৱে । বন্য হস্তীটোৱে হোটেলখনত সোমাই বিস্কুট, মিঠাইৰ সৈতে জুতি ল’লে চাহৰ । বনৰীয়া হাতীটোৰ হঠাৎ হোটেলত প্ৰৱেশক লৈ শংকিত হৈ পৰে গ্ৰাহকসকল । অৱশ্যে হাতীটোৱে কাকো অনিষ্ট নকৰাকৈ কিছু সময়ৰ পিচতে সেই স্থান পৰিত্যাগ কৰি পুনৰ সাতগাঁও সেনা ছাউনী অভিমুখে গতি কৰে । বনৰীয়া হাতীয়ে হোটেলত প্ৰৱেশ কৰি বিস্কুট, মিঠাইৰ সোৱাদ লোৱা দৃশ্যই আমোদ দিলে উপস্থিত বহু লোকক ।

লগতে পঢ়ক:Manipur Violence : মণিপুৰ শান্তি সমিতিত অংশগ্ৰহণ কৰিবলৈ অস্বীকাৰ মেইটেই গোটৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.