Man elephant conflict: কলিয়াবৰত বন্যহস্তীৰ উপদ্ৰৱ

By

Published : Jul 2, 2022, 1:16 PM IST

Updated : Feb 3, 2023, 8:24 PM IST

thumbnail

ৰাজ্যত দিনক দিনে বৃদ্ধি পাই আহিছে হাতী মানুহৰ সংঘাত (Man elephant conflict in Assam) ৷ হাতীৰ আক্ৰমণত বহু নিৰীহ লোকে প্ৰাণ হেৰুৱাইছে ৷ সমান্তৰালকৈ কলিয়াবৰতো অব্যাহত আছে হাতী মানুহৰ সংঘাত (Man Elephant conflict at Kaliabor) ৷ কলিয়াবৰৰ বিভিন্ন প্ৰান্তৰ লগতে শুকুৰবাৰে নিশা তপাহলা গাঁৱত উপদ্ৰৱ চলাই এটা বন্যহস্তীয়ে । একে নিশাই তপাহলা গাঁৱৰ 5 টাকৈ গৃহ লণ্ডভণ্ড কৰাৰ লগতে শোৱাপাটীৰ বিচনা গচকি এফালৰ পৰা সকলো মহতিয়াই নিয়ে ৷ বন্যহস্তীটোৱে শুৰেৰে এজন ব্যক্তিক শোৱাপাটীৰ পৰা টানি নিছিল যদিও কথমপি নিজৰ প্ৰাণ ৰক্ষা কৰি দুই সন্তানৰ লগতে পত্নীক বচাবলৈ সক্ষম হয় লোকজন ৷ নিশাই স্থানীয় লোকে বনবিভাগক খবৰ দিছিল যদিও বাতৰি যুগুত কৰা সময়লৈকে বনবিভাগৰ লোক উপস্থিত হোৱা নাই অঞ্চলটোত ৷

Last Updated : Feb 3, 2023, 8:24 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.