ভোগদৈৰ বুকুত অঘটন : পঞ্চম শ্ৰেণীৰ ছাত্র সন্ধানহীন - Bhogdoi river

By ETV Bharat Assamese Team

Published : Jun 26, 2024, 10:59 PM IST

thumbnail
ভোগদৈত আজি পুনৰ সংঘটিত হ’ল অঘটন (ETV BHARAT ASSAM)

যোৰহাট, 26 জুন : যোৰহাট নগৰ মাজেৰে বৈ যোৱা ভোগদৈত আজি পুনৰ সংঘটিত হয় অঘটন ৷ আজি সন্ধিয়া পাঁচমান বজাত ৰয়েল ৰোড নিবাসী খলিলুৰ হুছেইন আৰু ৰহিমা বেগমৰ পুত্ৰ ৰেহান হুচেইনে বন্ধুৰ সৈতে নগৰৰ মাজমজিয়াস্থিত ভোগদৈৰ বুকুত গা ধুবলৈ গৈছিল ৷ কিন্তু গা ধুই থকাৰ সময়তেই দুয়োজন হঠাৎ ভোগদৈৰ গভীৰতালৈ সোমাই যায় ৷ এই দৃশ্য দেখি এজন প্ৰত্যক্ষদৰ্শীয়ে এজনক ৰক্ষা কৰিবলৈ সক্ষম হয় যদিও ৰেহান হুছেইনক ভোগদৈৰ সোঁতে উটুৱাই লৈ যায় ৷

এই খবৰ লাভ কৰি ঘটনাস্থলীত SDRF আৰু আৰক্ষীৰ লোক উপস্থিত হয় ৷ নিশাৰ ভাগত ভোগদৈত নিৰুদ্দেশ হোৱা কিশোৰগৰাকীক বিচাৰি SDRF-এ অভিযান চলায় যদিও এই মুহূৰ্তলৈকে সন্ধান উলিয়াব পৰা নাই ৷ আন্ধাৰ হোৱাৰ বাবে উদ্ধাৰ অভিযানত সফল হ’ব পৰা নাই SDRF ৷ ইতিমধ্যে নিৰুদ্দেশ হোৱা কিশোৰগৰাকীৰ পৰিয়ালে সন্তানক বিচাৰি শোকত ভাগি পৰাৰ লগতে ঘৰখনত বিৰাজ কৰিছে এক শোকাকুল পৰিৱেশ ৷ নিৰুদ্দেশ হোৱা ৰেহান হুছেইন মোক্তাব স্কুলৰ পঞ্চম শ্ৰেণীত অধ্যয়নৰত আছিল ৷

লগতে পঢ়ক : বৃদ্ধি পাইছে ভোগদৈৰ জলস্তৰ, কোবাল সোঁতে প্ৰাণ ল'লে এজনৰ - Death By Drowning

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.