ETV Bharat / bharat

কোন ৰাশিৰ লোকৰ আছে বিদেশ ভ্ৰমণৰ যোগ, কোনে লাভ কৰিব গণেশৰ কৃপা... জানিবলৈ চাওক দৈনিক ৰাশিফল - Daily Horoscope For 25th June

author img

By ETV Bharat Assamese Team

Published : Jun 25, 2024, 9:10 AM IST

Daily Horoscope : প্ৰতিটো দিন একে নহয়, আজিৰ দিনটো তেনেকুৱাই ৷ আজিৰ দিনটোত থাকিব বহু প্ৰত্যাহ্বান ৷ পিছে কোন ৰাশিৰ লোকসকলৰ বাবে থাকিব প্ৰত্যাহ্বান, জানিবলৈ পঢ়ক আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল...

Etv Bharat
Etv Bharat (Etv Bharat)

মেষ ৰাশি: গণেশৰ কৃপাত সকলো আশা পূৰণৰ যোগ ৷ পাৰিবাৰিক সম্পৰ্ক উন্নত ৷ বাসগৃহৰ মেৰামতি আৰু ৰঙৰ কাম কৰিব পাৰে ৷ মাতৃৰ ফালৰ পৰা সুফল লাভ ৷ ক্ষন্তেক সময়ৰ বাবে কামৰ বোজা বৃদ্ধি যদিও কৰ্মক্ষেত্ৰত জ্যেষ্ঠজনৰ উপদেশে সহায় কৰিব ৷ চৰকাৰী কামৰ বাবে ভ্ৰমনৰ সম্ভাৱনা, সেই কামত সফলতা লাভৰ যোগ ৷ সকলোবোৰৰ লগতে নিজৰ শৰীৰৰ যত্ন লওক ৷

বৃষ ৰাশি: বিদেশ ভ্ৰমনৰ যোগ আছে ৷ সমুদ্ৰতীৰ বা তীৰ্থ ভ্ৰমণ কৰিলে সুফল লাভ কৰাৰ সম্ভাৱনা ৷ কোনো কাম অথবা ব্যৱসায় সংক্ৰান্তীয় কাৰণত দূৰ ভ্ৰমণৰ সম্ভাৱনা ৷ গ্ৰহৰ প্ৰভাৱত নতুন কোনো কামত হাত দিলে লাভান্বিত হ’ব ৷ ধৰ্মীয় স্থান পৰিভ্ৰমণৰ ফলত নতুন কিবা কৰাৰ বাবে প্ৰেৰণা লাভ কৰিব ৷ বিদেশত থকা আপোনজনৰ পৰা শুভ সংবাদ লাভৰ সম্ভাৱনা ৷ সৰু-সুৰা মূৰৰ বিষ নতুবা কাহে কিছু দুৰ্বল কৰি কৰিব ৷

মিথুন ৰাশি: প্ৰতিটো দিন একে নহয়, আজিৰ দিনটো তেনেকুৱাই ৷ আজিৰ দিনটোত থাকিব বহু প্ৰত্যাহ্বান ৷ আশাবোৰ ৰাজহুৱা নকৰাই ভাল ৷ নতুন কৰ্ম কৰাৰ পৰা বিৰত থাকক ৷ অচিনাকী ব্যক্তিৰ সৈতে ভ্ৰমণ পৰিহাৰ কৰাই ভাল ৷ চিকিৎসকৰ পৰামৰ্শ লাভৰ বাবে কিছুদিন অপেক্ষা কৰক ৷ বাদ-বিবাদৰ পৰা আঁতৰত থাকক ৷ টকা-পইচাৰ অসুবিধাই সমস্যা সৃষ্টি কৰিব যদিও খং নকৰিব ৷ অযথা ব্যয় নিয়ন্ত্ৰণত চকু ৰাখক ৷ ধ্যান আৰু সংগীতৰ মাধ্যমৰে মন শান্ত ৰাখিবলৈ চেষ্টা কৰক ৷

কৰ্কট ৰাশি: ৰোমান্তিক সময়, ভাৱৰ আদান-প্ৰদান, বিনোদন আৰু বজাৰ আদিৰ দৰে কামসমূহে দিনটো আনন্দিত কৰি ৰাখিব ৷ দিনটো শুভ ৷ বিদেশৰ পৰা অহা বেলেগ সংস্কৃতিৰ লোকৰ সৈতে সাক্ষাতৰ সম্ভাৱনা, যিয়ে আপোনাক প্ৰভাৱিত কৰিব ৷ পৰৱৰ্তী সময়ত ইয়ে সুফল প্ৰদান কৰিব ৷ ব্যৱসায়ত উন্নতি ৷ সন্মান বৃদ্ধি ৷ সুখাদ্য আৰু আনন্দ সকলোৰে সৈতে ভাগ কৰক ৷ শৰীৰ উন্নত ৷ নতুন বাহন ক্ৰয়ৰ যোগ ৷

সিংহ ৰাশি: গ্ৰহৰ মিশ্ৰিত প্ৰভাৱ অব্য়াহত থাকিব ৷ কৰ্মক্ষেত্ৰত সহকৰ্মীসকলৰ সহযোগিতা লাভ ৷ ঘৰুৱা কামত বাধা ৷ মাতৃৰ মাকৰ ঘৰৰ পৰা দুঃসংবাদ লাভৰ সম্ভাৱনা আৰু কৰ্মক্ষেত্ৰত শত্ৰুৰ পৰা বাধা ৷ প্ৰচলিত ঘটনাক্ৰমৰ পৰা উদ্বেগ বৃদ্ধি ৷ ঘৰত জ্যেষ্ঠজনৰ পৰা বা কৰ্মক্ষেত্ৰত তৰ্ক-বিতৰ্কৰ পৰা আঁতৰি থাকক ৷ সকলোবোৰ কথা পৰিস্থিতি সাপেক্ষে গ্ৰহণ কৰক, সুখী হ’ব ৷

কন্যা ৰাশি: সন্তান তথা প্ৰিয়জনৰ চিন্তাই শান্তি বিঘ্নিত কৰিব ৷ শৰীৰ বিশেষকৈ পেট আৰু লিভাৰৰ ৰোগত ভোগাৰ সম্ভাৱনা ৷ ব্যায়াম, শৰীৰ আৰু কলাসুলভ কামক বাদ দি হঠাতে অহা বিপদবোৰ থানথিত লগাওতে সময় অতিবাহিত হ’ব ৷ কিন্তু তাৰমাজতো প্ৰিয়জন আৰু বন্ধুৰ সৈতে পাৰ কৰা সময়ে ঔষধৰ কাম কৰিব ৷ শান্ত থাকক ৷ পৰাপক্ষত বিপদৰ কথা কাকো নক’ব ৷ শ্বেয়াৰ অথবা ষ্টক এক্সচেঞ্জত পইচা বিনিয়োগ কৰাৰ পূৰ্বে ভাবি-চিন্তি ল’ব ৷

তুলা ৰাশি: নিজকে সংযমহীন অনুভৱ কৰিব ৷ মানসিকভাৱে দুৰ্বল আৰু দুখী অনুভৱ কৰিব ৷ মাতৃ বা আন কোনো মহিলাৰ সহযোগত বিবাহৰ যোগাযোগৰ সম্ভাৱনা ৷ স্বাস-প্ৰশ্বাসৰ ব্যায়াম কৰিলে কিছু সবল অনুভৱ কৰিব ৷ পানীৰ পৰা পৰাপক্ষত আঁতৰত থাকক ৷ সাঁতোৰ শিকাৰ পৰা কিছুদিন বিৰতি ল’ব ৷ নিশা অনিদ্ৰাত ভোগাৰ সম্ভাৱনা ৷ ভ্ৰমণৰ পৰা বিৰত থাকক ৷ আইনৰ সৈতে জড়িত লোক বা উকীলসকলৰ সৈতে কাগজে-কলমে সতৰ্কতা অৱলম্বন কৰক ৷ পৈত্ৰিক সম্পত্তি সম্পৰ্কীয় কামত বিলম্ব ৷

বৃশ্চিক ৰাশি: নতুন কাৰ্যক্ষেত্ৰ, বন্ধুৰ সংগত দিনটো আনন্দৰে পাৰ হ’ব ৷ মুঠৰ ওপৰত সামগ্ৰিকভাৱে এটা আনন্দৰ দিন ৷ নিজে কৰা কামৰ সুফল লাভ, যিয়ে আনন্দ প্ৰদান কৰিব ৷ ভাতৃ-ভগ্নীৰ সৈতে সম্পৰ্ক উন্নত ৷ নিকট ভ্ৰমণৰ সম্ভাৱনা ৷ ধনৰ ক্ষেত্ৰত শুভদিন ৷ প্ৰিয়জন অথবা সহযোগীৰ সৈতে আনন্দৰে সময় পাৰ কৰিব ৷

ধনু ৰাশি: প্ৰিয়জন ফুৰিবলৈ যোৱা কথাটোৱে চিন্তাক্লিষ্ট কৰি ৰাখিব ৷ সফল হ’বলৈ বহুত বেছি কষ্ট কৰিব লাগিব ৷ গ্ৰহৰ প্ৰভাৱত কষ্ট নকৰাকৈ থাকিলে নহ’ব ৷ পৰিয়ালৰ লোকৰ গা এৰা মনোভাৱৰ বাবে খং নকৰিব ৷ তেওঁলোকে বিচৰা কাম কৰিবলৈ দিয়ক ৷ চিন্তাৰ কাৰণ নাই, শুভফলে লাভ কৰিব ৷ বিদেশত থকা বন্ধুৰ লগত কাম কৰিলে শুভ ফল লাভ কৰিব ৷

মকৰ ৰাশি: ভাবি-চিন্তি পদক্ষেপ গ্ৰহণ কৰিব । সৰু-সুৰা দুৰ্ঘটনাৰ সম্ভাৱনা ৷ দিনটোত শুভফল লাভৰ যোগ । কৰ্মক্ষেত্ৰত স্বীকৃতি লাভ, যিয়ে পদোন্নতিৰ ক্ষেত্ৰত সহায় কৰিব ৷ প্ৰিয়জন আৰু বন্ধুৰ সৈতে হোৱা সাক্ষাতে আনন্দ প্ৰদান কৰিব ৷ দাম্পত্য আৰু মানসিক শান্তি লাভৰ যোগ ৷

কুম্ভ ৰাশি: শৰীৰক সুস্থ-সবল কৰি ৰাখিবলৈ শৰীৰচৰ্চাত অংশগ্ৰহণ কৰক ৷ সতৰ্ক থাকক ৷ স্বাভাৱিক জীৱনযাত্ৰা উন্নত কৰক, নহ’লে ভৱিষ্যতে বিপদৰ সম্ভাৱনা ৷ মামলা-মোকৰ্দমাৰ পৰা দূৰৈত থাকক ৷ ভালকৈ সকলো দিশ চালি-জাৰি নোচোৱাকৈ ক’তো কোনো বিনিয়োগ নকৰিব । ব্যয় বৃদ্ধিৰ সম্ভাৱনা ৷ পৰিয়ালৰ লোকৰ সৈতে মতবিৰোধ ঘটাৰ সম্ভাৱনা ৷ খং-ৰাগ নিয়ন্ত্ৰণ কৰক ৷

মীন ৰাশি: হঠাতে ধনৰ আগমন ৷ লটাৰীত ধন লাভৰ সম্ভাৱনা ৷ সন্তানৰ পৰা শুভ সংবাদ লাভ ৷ পুৰণি আৰু ভাল বন্ধুৰ সৈতে সাক্ষাতৰ সম্ভাৱনা ৷ নতুন ব্যৱসায়িক সংযোগ লাভজনক ৷ সামাজিক কাৰণত ভ্ৰমণ হ’ব পাৰে, যি হ’ব আনন্দদায়ক আৰু ব্যৱসায়িক দিশৰ পৰা লাভজনক ৷ যদিহে এনে ভ্ৰমণত নাযায়, তেন্তে প্ৰিয়জনৰ সৈতে সময় অতিবাহিত কৰক ৷

লগতে পঢ়ক: এই সপ্তাহত বহুকেইটা ৰাশিৰ সুখ-সমৃদ্ধি বৃদ্ধি...বিবাহিতসকলে লাভ কৰিব জীৱনসংগীৰ সমৰ্থন...চাওক কেনে যাব আপোনাৰ এই সপ্তাহটো ? - Weekly Horoscope

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.